ক্ৰীড়াঙ্গন যেতিয়া প্ৰেমাঙ্গন হয়! IPLৰ গেলেৰীত জীৱনৰ ৰোমাঞ্চ…

Apr 20, 2025 | 11:23 PM

এফালে যদি ষ্টেডিয়ামৰ ভিতৰত ২২ গজত ৰোমাঞ্চকৰ প্ৰতিপক্ষৰ মাজত বেট-বলৰ যুঁজ, আনফালে আকৌ গেলেৰীত উন্মাদ দৰ্শকৰ গৰ্জন, তাৰ সমান্তৰালকৈ আকৌ মোহময়ী চিয়েৰলীডাৰৰ সৌন্দৰ্য আৰু মন জুৰোৱা নৃত্য আছেই। এই পৰিচিত দৃশ্যৰ বৰ্ণনা কৰিয়েই পিছে সম্পূৰ্ণ নহ’ব আই পি এলৰ বিষয়ে আলোচনা।

ক্ৰিকেট বিশ্বৰ আটাইতকৈ ব্যয়বহুল আৰু জনপ্ৰিয় লীগেই হৈছে আই পি এল। সাধাৰণতেই আই পি এল মানেই এক চেঁপা উত্তেজনা। এফালে যদি ষ্টেডিয়ামৰ ভিতৰত ২২ গজত ৰোমাঞ্চকৰ প্ৰতিপক্ষৰ মাজত বেট-বলৰ যুঁজ, আনফালে আকৌ গেলেৰীত উন্মাদ দৰ্শকৰ গৰ্জন, তাৰ সমান্তৰালকৈ আকৌ মোহময়ী চিয়েৰলীডাৰৰ সৌন্দৰ্য আৰু মন জুৰোৱা নৃত্য আছেই। এই পৰিচিত দৃশ্যৰ বৰ্ণনা কৰিয়েই পিছে সম্পূৰ্ণ নহ’ব আই পি এলৰ বিষয়ে আলোচনা। ক্ৰীড়াৰ ৰোমাঞ্চৰ সমানেই প্ৰেমৰ ক্ষেত্ৰতো আই পি এলৰ গেলেৰীয়ে কম দায়িত্ব লোৱা নাই!

কেতিয়াবা যদি খেলুৱৈ, কেতিয়াবা আকৌ অনুৰাগীয়ে আই পি এলৰ গেলাৰীত বিচাৰি পাইছে জীৱনৰ অতুলনীয় সৌন্দৰ্য- প্ৰেম। গেলেৰীৰ এনে বহু মন জুৰোৱা দৃশ্য বন্দী হৈছে কেমেৰাতো। আজি চাওঁ আহক আই পি এলৰ গেলেৰীত হৃদয় জিনা এনে কিছুমান ঘটনাৰ বিষয়ে-