অতীতৰ পৰা বৰ্তমানলৈ… আই পি এলত ৰিষ্ট স্পিনাৰৰ আছে নেকি বিশেষ গুৰুত্ব!
উদ্বোধনী বৰ্ষৰ আই পি এলৰ খিতাপজয়ী ৰাজস্থান ৰয়েলছৰ অধিনায়ক কিংবদন্তি শ্বেন ৱাৰ্ণৰ পৰা আৰম্ভ কৰি প্ৰতিযোগিতাখনৰ ইতিহাসৰে সৰ্বাধিক উইকেট দখলকাৰী যুজবেন্দ্ৰ চাহাল, লগতে কুলদীপ যাদৱ আৰু এই ছিজনত দেখা পোৱা উদীয়মান খেলুৱৈ ভিগনেশ পুথুৰলৈকে ৰিষ্ট স্পিনাৰৰ ভূমিকাৰ অনেক প্ৰমাণ আমাৰ চকুৰ সমুখত।
আই পি এল বুলিলেই সাধাৰণতে মনলৈ আহে বেটাৰৰ বিধ্বংসী প্ৰদৰ্শনৰ দৃশ্য। প্ৰতিযোগিতাৰ ইতিহাসৰ প্ৰথমখন মেচত ব্ৰেণ্ডন মেককুলামৰ সেই স্মৰণীয় ইনিংছৰ পৰা আৰম্ভ কৰি গেইলৰ সেই ১৭৫ ৰানৰ মাৰমুখী ইনিংছ আৰু শেহতীয়া সময়ছোৱাত দেখা পোৱা বৃহৎ স্ক’ৰৰ মেচৰ পৰিপ্ৰেক্ষিতত আই পি এল বেটাৰৰ খেল হৈ পৰা বুলিয়ো চৰ্চা চলিছে। কিন্তু তাৰ মাজতো বহু বলাৰে নিজৰ অনন্য প্ৰতিভাৰে চমকি উঠিছে আই পি এলত। বলাৰৰ ভিতৰতো এই প্ৰতিযোগিতাত অতীতৰ পৰা বৰ্তমানলৈকে ৰিষ্ট স্পিনাৰৰ বিশেষ গুৰুত্ব তথা ভূমিকা দেখিবলৈ পোৱা গৈছে।
উদ্বোধনী বৰ্ষৰ আই পি এলৰ খিতাপজয়ী ৰাজস্থান ৰয়েলছৰ অধিনায়ক কিংবদন্তি শ্বেন ৱাৰ্ণৰ পৰা আৰম্ভ কৰি প্ৰতিযোগিতাখনৰ ইতিহাসৰে সৰ্বাধিক উইকেট দখলকাৰী যুজবেন্দ্ৰ চাহাল, লগতে কুলদীপ যাদৱ আৰু এই ছিজনত দেখা পোৱা উদীয়মান খেলুৱৈ ভিগনেশ পুথুৰলৈকে ৰিষ্ট স্পিনাৰৰ ভূমিকাৰ অনেক প্ৰমাণ আমাৰ চকুৰ সমুখত। চাওঁ আহক এই সন্দৰ্ভত এক বিশেষ প্ৰতিবেদন…