শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
টাটা মটৰ্ছৰ জেনেৰেল মেনেজাৰৰ পদত অধিষ্ঠিত হৈ আবেগিক পোষ্ট শান্তনুৰ

টাটা মটৰ্ছৰ জেনেৰেল মেনেজাৰৰ পদত অধিষ্ঠিত হৈ আবেগিক পোষ্ট শান্তনুৰ

trishna-kalita
Trishna Kalita | Updated On: 06 Feb 2025 20:05 PM

টাটা মটৰ্ছৰ জেনেৰেল মেনেজাৰ হিচাপে নিযুক্তি দিয়া হৈছে শান্তনুক। লগতে ষ্ট্ৰেটেজিক ইনিচিয়েটিভৰো মুৰব্বী নিযুক্ত কৰা হৈছে তেওঁক । টাটা মটৰ্ছৰ শীৰ্ষ পদত অধিষ্ঠিত হৈ এটা আবেগিক পোষ্ট কৰে শান্তনুৱে ।

প্ৰখ্যাত ব্যৱসায়ী প্ৰয়াত ৰতন টাটাৰ ছাঁৰ দৰে আছিল যুৱকজন । যেতিয়া ৰতন টাটাৰ দেহাৱসান ঘটে, শোকত ভাগি পৰিছিল এইজন যুৱক । তেওঁৰ নাম শান্তনু নাইডু । ৰতন টাটাৰ বিয়োগত শোকত ভাগি পৰা শান্তনুক দেখি সকলোৱে অনুভৱ কৰিছিল আপোনজনক হেৰুওৱাৰ দুখ কিমান গভীৰ । এতিয়া পুনৰ শান্তনু নাইডু টাটাৰ সান্নিধ্যলৈ আহিছে । টাটা মটৰ্ছৰ জেনেৰেল মেনেজাৰ হিচাপে নিযুক্তি দিয়া হৈছে শান্তনুক । লগতে ষ্ট্ৰেটেজিক ইনিচিয়েটিভৰো মুৰব্বী নিযুক্ত কৰা হৈছে তেওঁক ।

টাটা মটৰ্ছৰ শীৰ্ষ পদত অধিষ্ঠিত হৈ এটা আবেগিক পোষ্ট কৰে শান্তনুৱে । লিংকড ইনত তেওঁ লিখিছে, “আনন্দেৰে জানাওঁ যে টাটা মটৰ্ছৰ জেনেৰেল মেনেজাৰ আৰু ষ্ট্ৰেটেজিক ইনিচিয়েটিভৰ মুৰব্বী হিচাপে দায়িত্ব পালন কৰিবলৈ লৈছোঁ । মোৰ মনত আছে, মোৰ দেউতাই যেতিয়া বগা চাৰ্ট আৰু নীলা পেন্ট পিন্ধি টাটা মটৰ্ছৰ প্লান্টৰ পৰা খোজ কাঢ়ি ঘৰলৈ আহে, মই খিৰিকীৰ কাষত ৰৈ অপেক্ষা কৰিছিলোঁ । সেই বৃত্ত সম্পূৰ্ণ হ’ল ।”