Share Market: শ্বেয়াৰ বজাৰত আজি কাৰ ঘটিল উত্থান, কোনে দেখিলে পতনৰ মুখ!

Feb 07, 2025 | 9:55 PM

আজি ৭ ফেব্ৰুৱাৰী। আজি পুনৰ হ্ৰাস নিফটি ফিফটিৰ হাৰ। আজি নিফটি ফিফটি প্ৰায় ৪৩ পইণ্ট হ্ৰাস পায়। আজি ৰামা ফছফেটছৰ শ্বেয়াৰৰ মূল্য সৰ্বোচ্চ ১০৭.৭৬ শতাংশ বৃদ্ধি পায়। আনহাতে আজি ল'ৱাৰ চাৰ্কিট স্পৰ্শ কৰে কেৰাৰো ইণ্ডিয়াই।

আজি ৭ ফেব্ৰুৱাৰী। আজি পুনৰ হ্ৰাস নিফটি ফিফটিৰ হাৰ। আজি নিফটি ফিফটি প্ৰায় ৪৩ পইণ্ট হ্ৰাস পায়। আজি ৰামা ফছফেটছৰ শ্বেয়াৰৰ মূল্য সৰ্বোচ্চ ১০৭.৭৬ শতাংশ বৃদ্ধি পায়। ইয়াৰ উপৰিও গডফ্ৰে ফিলিপছ, শ্বাহ এলয়, ভাৰতী হেক্সাকম আৰু এছ এ এল ষ্টীলৰ শ্বেয়াৰৰ মূল্যও বৃদ্ধি পাইছে। আনহাতে আজি ল’ৱাৰ চাৰ্কিট স্পৰ্শ কৰে কেৰাৰো ইণ্ডিয়াই। ইয়াৰ উপৰিও এনচিচি, মনোজ বৈভৱ জেমছ এণ্ড জুৱেলাৰ্ছ, ছোনাটা চফটৱেৰ, গাৰৱেৰ হাই-টেক ফিল্মছৰ শ্বেয়াৰৰ মূল্য হ্ৰাস পায়।

আজি কেইবাটাও কোম্পানীয়ে ত্ৰিমাসিক ফলাফল প্ৰকাশ কৰিছে। ইয়াৰ ভিতৰত মহিন্দ্ৰা এণ্ড মহিন্দ্ৰা, আকজো নোবেল ইণ্ডিয়া, টিচিআই ফাইনেন্স, এছএমএল ইছুজু, কেপিটি ইণ্ডাষ্ট্ৰীজ, থ্ৰী এম ইণ্ডিয়া, শ্বিপিং কৰ্প’ৰেশ্যন, অ’খাৰ্ট, চেঞ্চুৰী প্লাইব’ৰ্ড, ছান টিভি নেটৱৰ্ক, ফৰ্টিছ হেল্থকেয়াৰ, এডেলৱেইছ ফাইনেন্সিয়েল চাৰ্ভিচেছ, এনএইচপিচি, ৱেল ইণ্ডিয়া, ডি-লিংক, আৰডিবি ৰাছায়ান, কুইণ্ট ডিজিটেল, মাজাগন ডক শ্বিপ, এলআইচি, ডেলিভাৰী, অ’লা ইলেক্ট্ৰিক মবিলিটি অন্যতম।