আজিৰ শ্বেয়াৰ বজাৰৰ খবৰঃ ভাৰতৰ বজাৰ ঊৰ্ধগামী, চীন আৰু জাপানৰ বজাৰ কিছু পৰিমাণে নিম্নগামী!
ভাৰতৰ শ্বেয়াৰ বজাৰত শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছে সকাহৰ পৰিৱেশ। বিগত কেইদিনৰ দৰে দেশৰ শ্বেয়াৰ বজাৰত আজিও প্ৰত্যাশিত উত্থান দেখা গ’ল। আজি ভাৰতীয় বজাৰৰ দুই বেঞ্চমাৰ্ক সূচক ক্ৰমে নিফটি আৰু ছেনছেক্স যথেষ্ট বৃদ্ধি পোৱা দেখিবলৈ পোৱা গ’ল।
ভাৰতৰ শ্বেয়াৰ বজাৰত শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছে সকাহৰ পৰিৱেশ। বিগত কেইদিনৰ দৰে দেশৰ শ্বেয়াৰ বজাৰত আজিও প্ৰত্যাশিত উত্থান দেখা গ’ল। আজি ভাৰতীয় বজাৰৰ দুই বেঞ্চমাৰ্ক সূচক ক্ৰমে নিফটি আৰু ছেনছেক্স যথেষ্ট বৃদ্ধি পোৱা দেখিবলৈ পোৱা গ’ল। নিফটিয়ে আজি ২৩ হাজাৰ অতিক্ৰম কৰাৰ বিপৰীতে বজাৰৰ আন এটা বেঞ্চমাৰ্ক সূচক ছেনছেক্সেও ৭৬ হাজাৰ অতিক্ৰম কৰিছে। ইয়াৰ সমান্তৰালকৈ বিএছই স্মলকেপ সূচকো আজি বৃদ্ধি পোৱা পৰিলক্ষিত হ’ল। আজি শ্বেয়াৰ বজাৰ বন্ধ হোালৈকে নিফটি নেক্সট ৫০ ৩৫৫ পইণ্ট বৃদ্ধি পোৱাৰ লগতে বিএছই বেংকেক্সতো ৩৬৬ পইণ্ট বৃদ্ধি হয়।
ভাৰতৰ বজাৰ একেৰাহে তিনি দিন বৃদ্ধি পোৱাৰ বিপৰীতে জাপানৰ নিকেই সূচক আৰু চীনৰ হাং চেং সূচক আজি সামান্য হ্ৰাস পাইছে।