Share Market News : আজিৰ শ্বেয়াৰ বজাৰৰ খবৰ

Feb 11, 2025 | 9:56 PM

একেৰাহে ৫ দিন ধৰি ভাৰতৰ বজাৰ কমি আহিছে। আজি নিফটি ফিফটি প্ৰায় ৩০৯ পইণ্ট হ্ৰাস পাই ২৩,০৭১ পইণ্টত আছে । কেইবাটাও কোম্পানীয়ে আজি ৫২ সপ্তাহৰ নিম্নতম স্তৰত উপনীত হৈছে ।

আজি ১১ ফেব্ৰুৱাৰী । একেৰাহে ৫ দিন ধৰি ভাৰতৰ বজাৰ কমি আহিছে। আজি নিফটি ফিফটি প্ৰায় ৩০৯ পইণ্ট হ্ৰাস পাই ২৩,০৭১ পইণ্টত আছে । কেইবাটাও কোম্পানীয়ে আজি ৫২ সপ্তাহৰ নিম্নতম স্তৰত উপনীত হৈছে । এম আৰ এফ, কেন ফিন হোম, কাজাৰিয়া চিৰামিকছ, আদিত্য বিৰলা কেপিটেল, ডেলিভাৰী, ইণ্ডিয়ান অইল কৰ্পৰেশ্যন, টাটা মটৰছ, ক’ল ইণ্ডিয়া, ষ্টাৰ হেল্থ, ৰতন ইণ্ডিয়া এণ্টাৰপ্ৰাইজ, ইজ মাই ট্ৰিপ, ৰাইটছ, ষ্টীল অথৰিটি অৱ ইণ্ডিয়া, টাটা কেমিকেল, ওৱাৰ্লপুল, কনক’ৰৰ দৰে কোম্পানী ইয়াৰ ভিতৰত অন্যতম ।

এই হ্ৰাসৰ পিছতো আজিও কোটক মহিন্দ্ৰা বেংকে ৫২ সপ্তাহৰ উচ্চতম স্তৰত উপনীত হৈছে । কিন্তু দিনটোৰ শেষত কোম্পানীটোৰ শ্বেয়াৰৰ মূল্য ২.১২ শতাংশ হ্ৰাস পায় । দিনটোৰ শেষত কোটক মহিন্দ্ৰা বেংকৰ শ্বেয়াৰৰ মূল্য আছিল ১৯১৮.৬০ টকা ।