শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
Share Market News: আজিৰ শ্বেয়াৰ বজাৰৰ খবৰ

Share Market News: আজিৰ শ্বেয়াৰ বজাৰৰ খবৰ

manas-borah
Manas Borah | Published: 12 Feb 2025 20:48 PM

আৰম্ভনিতেই নিম্নগামী হয় ভাৰতৰ শ্বেয়াৰ বজাৰ । তাৰ পাছত ৰাতিপুৱা ১০ বজাৰ পৰা লাহে লাহে বজাৰখন পুনৰ উত্থান হ’বলৈ ধৰে । ৰাতিপুৱাৰ তুলনাত ২৬ পইণ্ট হ্ৰাস পাই দিনটোৰ বাবে অন্ত পৰে ব্যৱসায় ।

আজি ১২ ফেব্ৰুৱাৰী । আৰম্ভনিতেই নিম্নগামী হয় ভাৰতৰ শ্বেয়াৰ বজাৰ । তাৰ পাছত ৰাতিপুৱা ১০ বজাৰ পৰা লাহে লাহে বজাৰখন পুনৰ উত্থান হ’বলৈ ধৰে । ৰাতিপুৱাৰ তুলনাত ২৬ পইণ্ট হ্ৰাস পাই দিনটোৰ বাবে অন্ত পৰে ব্যৱসায় । কেইবাটাও কোম্পানী ৫২ সপ্তাহৰ নিম্নতম স্তৰত উপনীত হয় । ওৱাৰ্লপুল অৱ ইণ্ডিয়াৰ শ্বেয়াৰৰ মূল্য ২৯ জানুৱাৰীৰ পৰা প্ৰায় ৩৭ শতাংশ হ্ৰাস পাইছে । আজিও কোম্পানীটোৱে ৫২ সপ্তাহৰ নিম্নতম স্তৰত উপনীত হৈছে ।

ডেলিভাৰী, এল আই চি, ডি এল এফ, ষ্টাৰ হেল্থ, পাৱাৰ গ্ৰীড কৰ্পৰেশ্যন, হিৰো মট’ কৰ্প, এছিয়ান পেইণ্টছ, জিঅ’ ফাইনেন্সিয়েল চাৰ্ভিচেছ, জে কে টায়াৰ, ক’ল ইণ্ডিয়া, টাটা মটৰ্ছ, ইণ্ডিয়ান অইল, ইজ মাই ট্ৰিপ, কনক’ৰ, বেংক অৱ বৰোদা আদিকে ধৰি কেইবাটাও কোম্পানীয়ে ৫২ সপ্তাহৰ নিম্নতম স্তৰত উপনীত হৈছে ।