শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
Share Market News : আজিৰ শ্বেয়াৰ বজাৰৰ খবৰ

Share Market News : আজিৰ শ্বেয়াৰ বজাৰৰ খবৰ

manas-borah
Manas Borah | Published: 18 Feb 2025 23:28 PM

আজি পুনৰ নিম্নগামী হয় ভাৰতীয় শ্বেয়াৰ বজাৰৰ দুটাকৈ সূচকাংক নিফটি ৫০ আৰু বিএছই ছেনছেক্স । আজি নিফটি ফিফটি ১৪.২০ পইণ্ট হ্ৰাস পাইছে । আনহাতে, বিএছই ছেনছেক্স ২৯.৪৭ পইণ্ট হ্ৰাস পায় । ইতিমধ্যে কেইবাটাও কোম্পানী ৫২ সপ্তাহৰ নিম্নতম স্তৰত উপনীত হৈছে ।

কালি সামান্য উত্থানৰ পিছত আজি পুনৰ নিম্নগামী হয় ভাৰতীয় শ্বেয়াৰ বজাৰৰ দুটাকৈ সূচকাংক নিফটি ৫০ আৰু বিএছই ছেনছেক্স । আজি নিফটি ফিফটি ১৪.২০ পইণ্ট হ্ৰাস পাইছে । আনহাতে, বিএছই ছেনছেক্স ২৯.৪৭ পইণ্ট হ্ৰাস পায় । ইতিমধ্যে কেইবাটাও কোম্পানী ৫২ সপ্তাহৰ নিম্নতম স্তৰত উপনীত হৈছে । ইয়াৰ ভিতৰত ইউক’ বেংক, পি ভি আৰ ইনক্স, ভি আই পি ইণ্ডাষ্ট্ৰীজ, এ ইউ স্মল ফাইনেন্স বেংক, কাজাৰিয়া চিৰামিক, বৰুণ বেভাৰেজ, চেন্ট্ৰেল বেংক অৱ ইণ্ডিয়া উল্লেখযোগ্য ।

আজি টোটেল ট্ৰেন্সপ’ৰ্ট চিষ্টেমছ লিমিটেডে উচ্চ স্তৰত উপনীত হয় । যদিও এই ত্ৰৈমাসিকত কোম্পানীটোৰ ৰাজহ বৃদ্ধি হোৱা নাছিল, তথাপিও লাভ বৃদ্ধি পাইছে । যোৱা বিত্তীয় বৰ্ষত লোকচানৰ সন্মুখীন হোৱা কোম্পানীটোৱে এতিয়া প্ৰায় ৩ কোটি লাভ অৰ্জন কৰিছে । ইয়াৰ উপৰিও গ্লেক্সোস্মিথক্লাইন ফাৰ্মাচিউটিকেলছ আৰু আদানি উইলমাৰৰ দৰে কোম্পানীৰ শ্বেয়াৰো আজি বৃদ্ধি পাইছে ।