Share Market News: আজি দিনটোৰ শ্বেয়াৰ বজাৰৰ খবৰ…
আজি নিফটি ফিফটি প্ৰায় ১৭৮ পইণ্ট হ্ৰাস পাইছে । ছেনছেক্সৰ মূল্য প্ৰায় ৫৪৮ পইণ্ট হ্ৰাস পাইছে । আজি বজাৰখনৰ অৱস্থা ইমানেই ভয়াৱহ যে ৫টা কোম্পানীয়ে ল’য়াৰ চাৰ্কিট স্পৰ্শ কৰে ।
এতিয়াও উত্থানৰ মুখ দেখা নাই শ্বেয়াৰ বজাৰে । আজি নিফটি ফিফটি প্ৰায় ১৭৮ পইণ্ট হ্ৰাস পাইছে । ছেনছেক্সৰ মূল্য প্ৰায় ৫৪৮ পইণ্ট হ্ৰাস পাইছে । আজি বজাৰখনৰ অৱস্থা ইমানেই ভয়াৱহ যে ৫টা কোম্পানীয়ে ল’য়াৰ চাৰ্কিট স্পৰ্শ কৰে । লগতে ৰে’লৱে ৰাইটছ, ডেলিভাৰী, টিউব ইনভেষ্টমেণ্টছ, ৱাৰ্লপুল অৱ ইণ্ডিয়া, ইজী মাই ট্ৰিপ, ফিনোলেক্স, ষ্টাৰ হেল্থৰ দৰে কোম্পানীয়ে আজি ৫২ সপ্তাহৰ নিম্নতম স্তৰত উপনীত হৈছে । কিন্তু এই অৱনতিৰ দিনটোতো কোটক মহিন্দ্ৰা বেংক, মহিন্দ্ৰা এণ্ড মহিন্দ্ৰাৰ দৰে কোম্পানীয়ে ৫২ সপ্তাহৰ উচ্চতম স্তৰত উপনীত হৈছে ।