শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
Share Market News: আজিৰ শ্বেয়াৰ বজাৰৰ খবৰ

Share Market News: আজিৰ শ্বেয়াৰ বজাৰৰ খবৰ

manas-borah
Manas Borah | Published: 04 Mar 2025 22:44 PM

আজি নিফটি ফিফটি ৩৬ পইন্ট হ্ৰাস পোৱাৰ বিপৰীতে বিএছই ছেনছেক্স ৯৬ পইন্ট হ্ৰাস পায় । এই দুই সূচক নিম্নগামী হ’লেও কিন্তু আজি আন বহুকেইটা সূচক ঊৰ্ধগামী হয় ।

অব্যাহত আছে ভাৰতীয় শ্বেয়াৰ বজাৰৰ দুই সূচকৰ পতন । আজি নিফটি ফিফটি ৩৬ পইন্ট হ্ৰাস পোৱাৰ বিপৰীতে বিএছই ছেনছেক্স ৯৬ পইন্ট হ্ৰাস পায় । এই দুই সূচক নিম্নগামী হ’লেও কিন্তু আজি আন বহুকেইটা সূচক ঊৰ্ধগামী হয় ।

নিফটি বেংক ১৩০ পইন্ট ঊৰ্ধগামী হোৱাৰ বিপৰীতে ৫৪৬ পইন্ট ঊৰ্ধগামী হয় এছ এণ্ড পি বিএছই স্মলকেপ সূচক । ফিননিফটি, বিএছচি বেংকেক্স, নিফটি টোটেল মাৰ্কেটো আজি ঊৰ্ধগামী হয় । ৩২০ পইন্ট ঊৰ্ধগামী হয় নিফটি নেক্সট সূচক ।

ভাৰতৰ বজাৰৰ কিছু উত্থান-পতন অব্যাহত থকাৰ সময়তে নিম্নগামী হৈছে বিভিন্ন বিদেশী সূচক । জাপানী সূচক নিক্কেই পৰা আৰম্ভ কৰি চীনা সূচক হেংছেং বা জাৰ্মানীৰ ডেক্সলৈকে আজি বেছিভাগ সূচক নিম্নগামী হৈছে ।