Assam Breaking News Today: দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ
আজিৰে পৰা অনুষ্ঠিত হৈছে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা । ৰাজ্যৰ মুঠ ৮৫৬ টা পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হৈছে পৰীক্ষা । এই পৰীক্ষাত অৱতীৰ্ণ হৈছে মুঠ ৩ লাখ ৬ হাজাৰ ৮৪১ গৰাকী পৰীক্ষাৰ্থী । পৰীক্ষা সুকলমে অনুষ্ঠিত কৰাৰ বাবে গ্ৰহণ কৰা হৈছে বিশেষ ব্যৱস্থা ।
তুংগত উঠিছে হিমন্ত বিশ্ব শৰ্মা আৰু গৌৰৱ গগৈৰ বাকযুদ্ধ । গৌৰৱ গগৈৰ পত্নীক আই এছ আইৰ সৈতে জড়িত বুলি মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যৰ প্ৰত্যুত্তৰ সাংসদ গৌৰৱ গগৈৰ । গাদী ৰক্ষাৰ বাবেহে ডঃ শৰ্মাই এই মন্তব্য কৰা বুলি কয় সাংসদগৰাকীয়ে । গৌৰৱ গগৈৰ পত্নীৰ নাগৰিকত্বক লৈও উত্থাপন অভিযোগ । আজিৰ দিনটোত ক’ত কি ঘটিল চাওক এই ভিডিঅ’ত…