শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
৫ ফেব্রুৱাৰীত শ্বেয়াৰ বজাৰৰ উত্থান-পতন জানক

৫ ফেব্রুৱাৰীত শ্বেয়াৰ বজাৰৰ উত্থান-পতন জানক

trishna-kalita
Trishna Kalita | Published: 05 Feb 2025 21:21 PM

আজি ৰাতিপুৱাৰ পৰা নিফ্টি ফিফ্টি ৪২ পইণ্ট হ্ৰাস পাই ২৩,৬৯৬ পইণ্টত ৰয় । একেদৰে ছেনছেক্স ৩১২ পইণ্ট হ্ৰাস পাই ৭৮,২৭১ পইণ্টত উপনীত হয় । অৱশ্যে আজি কিছু পৰিমাণে বৃদ্ধি পালে নিফ্টি বেংক আৰু নিফ্টি আই টিৰ সূচকাংক ।

আজি ৫ ফেব্ৰুৱাৰী । ৰাতিপুৱাৰ পৰা নিফ্টি ফিফ্টি ৪২ পইণ্ট হ্ৰাস পাই ২৩,৬৯৬ পইণ্টত ৰয় । একেদৰে ছেনছেক্স ৩১২ পইণ্ট হ্ৰাস পাই ৭৮,২৭১ পইণ্টত উপনীত হয় । অৱশ্যে আজি কিছু পৰিমাণে বৃদ্ধি পালে নিফ্টি বেংক আৰু নিফ্টি আই টিৰ সূচকাংক । বিএছই এছ এণ্ড পি স্মলকেপ ইনডেক্স প্ৰায় ৭০৬ পইণ্ট বৃদ্ধি পাইছে । আজি উচ্চ চাৰ্কিটত উপস্থিত হয় এমটিএনএল । দিনটোৰ শেষত কোম্পানীটোৰ শ্বেয়াৰৰ মূল্য ১৭.৩০ শতাংশ বৃদ্ধি পায় । পুনে মেট্ৰ’ লাইন ৩ৰ ২৩ টা ষ্টেচনৰ বাবে স্বয়ংক্ৰিয় টিকট সংগ্ৰহ ব্যৱস্থা বিকশিত আৰু স্থাপনৰ চুক্তি লাভ কৰাৰ পিছত আই টি কোম্পানী ডাটামেটিক্সৰ শ্বেয়াৰ প্ৰায় ৯ শতাংশ বৃদ্ধি পাইছে । আনহাতে, বিশাল মেগামাৰ্ট আৰু গোড্ৰেজ প্ৰপাৰ্টিজ লিমিটেডৰ শ্বেয়াৰৰ মূল্য আজি হ্ৰাস পাইছে ।