নিশাটোৰ ভিতৰতে কিয় বেশ্যাবৃত্তি ল’বলগা হৈছিল বলীউডৰ এইগৰাকী জনপ্ৰিয় অভিনেত্ৰীয়ে…

Mar 23, 2025 | 12:13 AM

বলীউডৰ ৰহস্যময়ী জগতখনে সদায়েই সাধাৰণ লোকসকলক আকৰ্ষণ কৰি আহিছে। এই জগতখনৰ আঁৰৰ পৰা প্ৰকাশিত হোৱা কিছুমান ঘটনাৰাজিয়ে প্ৰায়েই জোকাৰণি তোলে সাধাৰণ লোকৰ মাজত। তেনে এক জোকাৰণিৰ কাৰণ হৈয়ে পোহৰলৈ আহিছিল এসময়ৰ বলীউডৰ শীৰ্ষস্থানীয় অভিনেত্ৰী ভিমিৰ কাহিনী।

বলীউডৰ ৰহস্যময়ী জগতখনে সদায়েই সাধাৰণ লোকসকলক আকৰ্ষণ কৰি আহিছে। এই জগতখনৰ আঁৰৰ পৰা প্ৰকাশিত হোৱা কিছুমান ঘটনাৰাজিয়ে প্ৰায়েই জোকাৰণি তোলে সাধাৰণ লোকৰ মাজত। তেনে এক জোকাৰণিৰ কাৰণ হৈয়ে পোহৰলৈ আহিছিল এসময়ৰ বলীউডৰ শীৰ্ষস্থানীয় অভিনেত্ৰী ভিমিৰ কাহিনী। সুনীল দত্ত, ৰাজকুমাৰ, শাম্মি কাপুৰ আৰু শশী কাপুৰৰ দৰে ছবি জগতৰ বহুকেইজন মহাতাৰকাৰ সৈতে যুটি বান্ধি ইখনৰ পিছত সিখনকৈ সফল চিনেমাৰে খ্যাতি অৰ্জন কৰিছিল ভিমিয়ে। কিন্তু সেই ভিমিয়েই কালক্ৰমত সকলোৰে বাবে হৈ পৰিল ‘অস্পৃশ্য’ স্বৰূপ।

বলীউডৰ একালৰ এই আটাইতকৈ দামী অভিনেত্ৰীগৰাকীয়ে খোজ দিছিল বেশ্যা বৃত্তিতো। মাত্ৰ ৩৪ বছৰ বয়সতে প্ৰাণ হেৰুওৱা ভিমিৰ মৃতদেহো আনকি শ্মশানলৈ লৈ যোৱা হৈ হৈছিল এখন ঠেলাত তুলি। ভিমিৰ জীৱনলৈ কেনেদৰে আহিছিল এনে অকল্পনীয় পৰিস্থিতি!