আকৌ অশান্তিৰ গহ্বৰত বাংলাদেশ, সৃষ্টি হৈছে নতুন শংকাৰ

Feb 07, 2025 | 9:45 PM

বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰে হিন্দু হত্যাৰ পৰা আৱামী লীগ আনকি বংগবন্ধুকো "নিচিহ্ন কৰা"ৰ বাবে গ্ৰহণ কৰিছে কেতবোৰ কূটকৌশল । এতিয়া ঘটনাৰ প্ৰায় ছমাহ পাছত চুবুৰীয়া দেশখনত সৃষ্টি হৈছে নতুন শংকাৰ । আকৌ এবাৰ বিদ্বেষৰ জুয়ে দহিছে বাংলাদেশক ।

আকৌ অশান্তিৰ গহ্বৰত বাংলাদেশ । প্ৰায় ছমাহ পূৰ্বে পতন ঘটিছিল হাছিনা চৰকাৰৰ । তেতিয়াৰ পৰা সমগ্ৰ দেশতে বিৰাজ কৰিছে ৰাজনৈতিক অস্থিৰতাই । সূত্ৰ মতে, দেশৰ অন্তৱৰ্তীকালীন চৰকাৰে হিন্দু হত্যাৰ পৰা আৱামী লীগ আনকি বংগবন্ধুকো “নিচিহ্ন কৰা”ৰ বাবে গ্ৰহণ কৰিছে কেতবোৰ কূটকৌশল । এতিয়া ঘটনাৰ প্ৰায় ছমাহ পাছত চুবুৰীয়া দেশখনত সৃষ্টি হৈছে নতুন শংকাৰ । আকৌ এবাৰ বিদ্বেষৰ জুয়ে দহিছে বাংলাদেশক ।

আৱামী লীগৰ মূল ছাত্ৰ সংগঠন ছাত্ৰ লীগৰ সভাপতি ছাদ্দাম হুছেইনে এই সন্দৰ্ভত টিভি ৯ ক কয়, “বাংলাদেশত এখন উগ্ৰ মৌলবাদী চৰকাৰ গঠন হৈছে । যিসকলে ৰাইজৰ কথা নাভাবে । আপোনালোকে হয়তো প্ৰশ্ন কৰিব পাৰে যে কিয় ? ৰাইজৰ ৰায়ৰ ওপৰত ভিত্তি কৰি এই চৰকাৰ গঠন হোৱা নাছিল । মৌলবাদী অভ্যুত্থানৰ জৰিয়তেহে ইয়াক প্ৰতিষ্ঠা কৰা হৈছিল ।”