শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
নাইট ষ্টাৰ সুনীল নাৰিনৰ ৰহস্যময়ী হাঁহিৰ আঁৰত কি?

নাইট ষ্টাৰ সুনীল নাৰিনৰ ৰহস্যময়ী হাঁহিৰ আঁৰত কি?

trishna-kalita
Trishna Kalita | Published: 13 Apr 2025 23:14 PM

অংকৃশ ৰঘুবংশীয়ে কয়, “কেতিয়াবা ডাগআউটত সতীৰ্থসকলক হাঁহিবলৈ বাধ্য কৰাই নাৰিনে। ধেমেলীয়া কথাও কয় তেওঁ। অৱশ্যে খেলপথাৰত থকা সময়ত নাৰিনৰ মেজাজ বেলেগ হৈ পৰে।

২০১২ চনৰ পৰা কে কে আৰৰ জাৰ্চি পিন্ধি খেলিছে নাৰিনে। অধিক ৰান লওক অথবা অধিক উইকেট লওখ তেওঁৰ মুখত ইয়াৰ কোনো প্ৰভাৱ পৰিলক্ষিত নহয়। অৱশ্যে কলকাতা নাইট ৰাইডাৰ্ছৰ অনুৰাগীৰ বাবে এই দৃশ্যটো অতি চিনাকি। পিছে তেওঁ হাঁহিব নজনা নহয়। কিন্তু এটা নিৰ্দিষ্ট সময়ত। সেই সময় কেতিয়া জানেনে?

নাইটক্লাবৰ এজন সদস্যই নাৰিনক সুধিছিল, “নৰিনে কেতিয়া হাঁহি মাৰে?” যদি আপুনি এখন মেচত তিনিটা উইকেট লয়, তেতিয়া কি হ’ব? সেই সময়ত তেওঁ নিমাত হৈ থাকিল। তাৰ পিছত তেওঁক প্ৰশ্ন কৰা হ’ল যে ১৮ টা বলত ৪৪ ৰান কৰিলে কি হ’ব? তথাপিও নাৰিনৰ মুখত দেখা নগ’ল উৎসাহ । তাৰ পিছৰ প্ৰশ্নটো হ’ল- ‘আপুনি ধোনিৰ উইকেট লাভ কৰিলে নেকি?’ নৰিনৰ মুখত তেতিয়াও কোনো হাঁহি নাছিল। পূৰ্বৰ মেছ নাইট ক্লাবৰ এজন সদস্যই সুধিছিল, ‘কেকেআৰে ২ পইণ্ট পালে হাঁহিবনে?’ লগে লগে হাঁহি এটা মাৰি তাৰ পৰা আঁতৰি গ’ল নাৰিন।