শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
Assam News: আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ

Assam News: আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ

barasha-misra
Barasha Misra | Updated On: 12 Mar 2025 23:34 PM

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীত গুৱাহাটীত তৃতীয় লিংগৰ সমাজৰ বাবে এক আশ্ৰয় গৃহ স্থাপন কৰাৰ কথা ঘোষণা কৰিছে । অসম বিধানসভাৰ বাজেট অধিবেশনৰ সময়ত প্ৰৱৰ্তনৰ ঘোষণা কৰা এই আশ্ৰয় শিবিৰৰ লক্ষ্য হৈছে কিন্নৰসকলৰ বাবে এক নিৰাপদ, সুৰক্ষিত, আৰু সহায়কাৰী পৰিৱেশৰ ব্যৱস্থা কৰা, তেওঁলোকৰ থাকিবলৈ ঠাই আৰু অত্যাৱশ্যকীয় সম্পদৰ সুবিধা লাভ কৰাটো নিশ্চিত কৰা ।

যোৱা চাৰিটা বিত্তীয় বৰ্ষত ৰাজ্য চৰকাৰে বিজ্ঞাপনৰ নামত খৰচ কৰিছে ৩৭০ কোটিৰো টকা । বুধবাৰে বিধানসভাত এই তথ্য প্ৰকাশ কৰে তথ্য আৰু জনসংযোগ মন্ত্ৰী পীযুষ হাজৰিকায় । ২০১৬ চনৰ পৰা ২০২১ চনলৈকে অসমৰ মুখ্যমন্ত্ৰী আছিল সৰ্বানন্দ সোণোৱাল । তেওঁৰ নেতৃত্বত ৰাজ্য চৰকাৰে ২০১৬-১৭ বৰ্ষৰ পৰা পাঁচটা বিত্তীয় বৰ্ষত বিজ্ঞাপনৰ নাম ব্যয় কৰিছিল মাত্ৰ ১২৫.৬ কোটি টকা ।

আজি দিনটোৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰত দেশৰ লগতে বিশ্বৰ বহুকেইটা খবৰে স্থান লাভ কৰিছে।