শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
Top News: ১ মিনিটতে পঢ়ক দিনটোৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ

Top News: ১ মিনিটতে পঢ়ক দিনটোৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ

barasha-misra
Barasha Misra | Published: 13 Apr 2025 23:20 PM

আজি আৰ চি বিৰ বিৰুদ্ধে ৰাজস্থান ৰয়েলছৰ ঘৰুৱা মেচ। প্ৰথমখন মেছ জয়পুৰৰ সবাই মানসিং ষ্টেডিয়ামত আই পি এল-২০২৫ ত অনুষ্ঠিত হৈছে। আৰ চি বিৰ বিৰুদ্ধে খেলা এই হাইভল্টেজ মেচখন বিয়লি ৩.৩০ বজাৰ পৰা আৰম্ভ হৈছে। আনহাতে আজি আই পি এলৰ দ্বিতীয়খন মেচ ৭ঃ৩০ বজাত দিল্লী কেপিটেলছ বনাম মুম্বাই ইণ্ডিয়ানছৰ মাজত অনুষ্ঠিত হৈছে।

আজিৰ দিনটোত বহুকেইটা বাতৰিয়ে শীৰ্ষ স্থান দখল কৰিছে। পলকতে চাও আহক অসমৰ লগতে দেশ বিদেশৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ-

  • ২০২৬ৰ নিৰ্বাচনলৈকে কংগ্ৰেছে অসমত ভৰিয়ে থ’ব নোৱাৰে। ৰাইজৰ আশীৰ্বাদ বিজেপিৰ লগত আছে, সংখ্যালঘু অধ্যুষিত এলেকাৰ বাহিৰে অসমত কংগ্ৰেছৰ স্থান নাই। এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
  • ৰাজ্যজুৰি ৰঙালীৰ ব্যাপক প্ৰস্তুতি। ঢোল-পেঁপাৰ মাতত ৰজনজনাইছে চৌদিশ। কাইলৈ গৰু বিহু, গৰুক নোৱাবলৈ লাও-বেঙেনা-মাহ-হালধি আদি সামগ্ৰীৰে ভৰিছে বজাৰ।
  • বিহুৰ পূৰ্বে ভাল খবৰ। GMCHত আৰম্ভ উত্তৰ-পূবৰ প্ৰথমটো ৰ’বটিক ছাৰ্জাৰীৰ ব্যৱস্থা। অতি জটিল অস্ত্ৰোপচাৰ সহজতে কৰিব ৰ’বটে। ভাৰত চৰকাৰে আগবঢ়োৱা ১৫ কোটি টকাৰে SSI Mantra 2.o মেছিনটো ইনষ্টল কৰা হৈছে। এই অত্যাধুনিক যন্ত্ৰ মুকলি কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
  • আজি ব’হাগ বিহুৰ উৰুকা। বিহুৰ বাবে ঘৰলৈ যাবলৈ উথপথপ অসমীয়াৰ। মহানগৰীৰ পৰা ঘৰলৈ ৰাওনা বহু লোক। বাছৰ বাবে পুৱাৰে পৰা অপেক্ষা যাত্ৰীৰ। প্ৰতিখন বাছতে দেখা গৈছে ভিৰ।
  • মৰিগাঁৱত পথ দুৰ্ঘটনা। এই পথ দুৰ্ঘটনাত প্ৰাণ গ’ল সাংবাদিকৰ। দুৰ্ঘটনাত নিহত সাংবাদিক কিশোৰ ডেকা ৰজা। মৰিগাঁও চহৰৰ পৰা নিশা কৰ্তব্য সামৰি ঘৰলৈ ৰাওনা হৈছিল কিশোৰ। নিয়ন্ত্ৰণ হেৰুৱাই মটৰ চাইকেলেৰে পতিত হয় দুৰ্ঘটনাত।
  • এইবাৰৰ বিহুৰ আনন্দ ম্লান পেলাব পাৰে বৰষুণে। কেইবাখনো জিলাত বতৰ বিজ্ঞান বিভাগে জাৰি কৰিছে সতৰ্কবাণী। পুৱাৰে পৰা ৰাজ্যৰ ভিন্ন প্ৰান্তত আহিছে বৰষুণ। দুই-এঠাইত বিজুলী-ঢেৰেকনিসহ ব্ৰজ্ৰপাতৰ সম্ভাৱনা আছে। আজি বতাহৰ গতিবেগ প্ৰতি ঘণ্টাত ৩০ৰপৰা ৪০ কিলোমিটাৰ হোৱাৰ সম্ভাৱনা আছে।
  • চন্দ্ৰপুৰৰ কলং নৈত পৰি মৃত্যুক সাৱটিলে মাতৃৰ লগতে দুই কন্যাই। কাপোৰ আৰু গা ধুবলৈ গৈ প্ৰথমে নৈত পিছলি পৰিছিল সৰু কন্যা। কন্যাক উদ্ধাৰ কৰিবলৈ যাওঁতে মাতৃ উটি গল নদীৰ কোবাল সোঁতত।সৰু ভগ্নী, মাতৃক বচাবলৈ গৈ নদীত জাপ দিলে ডাঙৰ কন্যাই।
  • ৱাকফ সংশোধনী আইনক লৈ উত্তাল ৰাজ্য। পশ্চিম বংগৰ পিছত এই আইন বাতিলৰ দাবীত উত্তাল শিলচৰ । শিলচৰত শ শ মুছলমান লোকৰ সমদল বাহিৰ। সমদলক বাধা প্ৰদান আৰক্ষীৰ। বেৰিকেড ভাঙি আৰক্ষীৰ সৈতে ঠেলা-হেঁচা প্ৰতিবাদকাৰীৰ।
  • আজি আৰ চি বিৰ বিৰুদ্ধে ৰাজস্থান ৰয়েলছৰ ঘৰুৱা মেচ। প্ৰথমখন মেছ জয়পুৰৰ সবাই মানসিং ষ্টেডিয়ামত আই পি এল-২০২৫ ত অনুষ্ঠিত হৈছে। আৰ চি বিৰ বিৰুদ্ধে খেলা এই হাইভল্টেজ মেচখন বিয়লি ৩.৩০ বজাৰ পৰা আৰম্ভ হৈছে। আনহাতে আজি আই পি এলৰ দ্বিতীয়খন মেচ ৭ঃ৩০ বজাত দিল্লী কেপিটেলছ বনাম মুম্বাই ইণ্ডিয়ানছৰ মাজত অনুষ্ঠিত হৈছে।