শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
পলকতে চাওক দিনটোৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ

পলকতে চাওক দিনটোৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ

barasha-misra
Barasha Misra | Published: 15 Mar 2025 20:10 PM

তিনিদিনীয়া কাৰ্যসূচীৰে অসমত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। নিশা যোৰহাট বিমান বন্দৰত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীক আদৰণি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ। আজি লাচিত বৰফুকন একাডেমী উদ্বোধন কৰি ৰৰৈয়া বিমানবন্দৰৰ পৰা মিজোৰামলৈ যাত্ৰা কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে।

দেৰগাঁৱৰ পুলিচ একাডেমীৰ শুভ উদ্বোধন। লাচিত বৰফুকন পুলিচ একাডেমী উদ্বোধন কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। ১৬৭ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ পুলিচ একাডেমীখন। অমিত শ্বাহে পুলিচ একাডেমীৰ আৱাস গৃহ প্ৰকল্পৰো আধাৰশিলা স্থাপন কৰে।

তিনিদিনীয়া কাৰ্যসূচীৰে অসমত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। নিশা যোৰহাট বিমান বন্দৰত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীক আদৰণি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ। আজি লাচিত বৰফুকন একাডেমী উদ্বোধন কৰি ৰৰৈয়া বিমানবন্দৰৰ পৰা মিজোৰামলৈ যাত্ৰা কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে।

গৃহমন্ত্ৰীগৰাকীৰ ভ্ৰমণৰ পূৰ্বে মিজোৰামত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা হৈছে । অসম ৰাইফলছৰ প্ৰতিষ্ঠানসমূহ আইজলৰ পৰা ১৫ কিলোমিটাৰ দূৰত্বত থকা জোখোৱাছাঙৰ এটা কমপ্লেক্সলৈ স্থানান্তৰিত কৰাৰ উপলক্ষে আয়োজন কৰা এক অনুষ্ঠানত অংশগ্ৰহণ কৰিব গৃহমন্ত্ৰীগৰাকীয়ে। লগতে চাওক দেশ-বিদেশৰ বহু গুৰুত্বপূৰ্ণ খবৰ।