শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
Top News: আজি পহিলা ব'হাগ, ১ মিনিটতে পঢ়ক দিনটোৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ

Top News: আজি পহিলা ব’হাগ, ১ মিনিটতে পঢ়ক দিনটোৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ

barasha-misra
Barasha Misra | Published: 16 Apr 2025 00:07 AM

পহিলা ব'হাগৰ দিনা জীপাল হ'ল ঐতিহাসিক ৰংঘৰৰ বাকৰি। ঢোল, পেঁপাৰ মাত আৰু ৰাংঢালী নাচনিৰ নাচত প্ৰাণময় ৰংঘৰ। আটাছুৰ উদ্যোগত এই ৰঙালী বিহু উদযাপন। ঐতিহাসিক তলাতল ঘৰৰ পৰা ঢোলে-দগৰে হাতীত বহাই আদৰি অনা হ'ল প্ৰতীকি স্বৰ্গদেউক। অনুষ্ঠান উদ্বোধন কৰে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী পিয়ুষ হাজৰিকাই।

আজিৰ দিনটোত বহুকেইটা বাতৰিয়ে শীৰ্ষ স্থান দখল কৰিছে। পলকতে চাও আহক অসমৰ লগতে দেশ বিদেশৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ-

A) আজি পহিলা ব’হাগ, অসমীয়াৰ নতুন বছৰ। আজি ১৪৩২ ভাস্কৰাব্দৰ প্ৰথম দিন। এই উপলক্ষে সকলোৱে উলহ-মালহেৰে অসমীয়া নৱবৰ্ষ পালন কৰাৰৰ লগতে হেঁপাহৰ ৰঙালী বিহু উদযাপন কৰিছে। পহিলা বহাগৰ সৈতে ঠাই ভেদে বিভিন্ন পৰম্পৰা নিহিত হৈ আছে।

B) আজি মানুহ বিহু। ৰঙালী বিহুৰ দ্বিতীয়টো দিন। ৰাজ্যৰ উজনিৰ পৰা নামনিলৈ উছাহৰ ধল। পুৱাই মাহ-হালধি সানি গা-পা ধুই গোসাঁইক সেৱা কৰিছে। ৰাইজে বছৰটোলৈ ঘৰখনৰ কুশল মংগল কামনা কৰিছে। ইজনে-সিজনক দিছে বিহুৱান।

C) অসমত আৰম্ভ হ’ব উত্তৰ-পূবৰ প্ৰথমটো পাম্প ষ্ট’ৰেজ প্ৰজেক্ট । গ্ৰীডৰ ষ্টেবিলিটি নিশ্চিত আৰু শক্তিৰ চাহিদা পূৰণৰ বাবে ডিজাইন কৰা নতুন জলবিদ্যুৎ সংৰক্ষণ ব্যৱস্থা। এই প্ৰকল্প শক্তিৰ আন্তঃগাঁথনি শক্তিশালী কৰাৰ দিশত এক বৃহৎ পদক্ষেপ হিচাপে পৰিগণিত হৈছে । এই প্ৰকল্পটো ৰাজ্যখনত গ্ৰীণকো গ্ৰুপৰ ১২ হাজাৰ কোটি টকাৰ বিনিয়োগৰ অংশ।

D) হিংসাত জৰ্জৰিত পশ্চিম বংগ। অসমতো ৱাকফ সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ। ৱাকফ সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদৰ নামত চলিছে হিংসাত্মক পৰিৱেশ। ইয়াৰ মাজতে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে শান্তিৰ আহ্বান জনাইছে।

E) জুবিনৰ কণ্ঠৰ যাদু! গণেশগুৰিত গীতেৰে দৰ্শকক মুহিলে হাৰ্টথ্ৰ’ব জুবিন গাৰ্গে। সংগীতানুষ্ঠানৰ মাজতে জুবিনে কলে, ‘মোৰ মন গ’লে গাম, মন নগ’লে নাগাও, গণেশগুৰিত এনেকুৱা নকৰোঁ, নিজৰ ঠাই। ‘মই আগতে ইয়াৰে লোকেল গুণ্ডা আছিলোঁ।’ ইয়াৰ পিছতে ভাইৰেল জুবিনৰ মন্তব্য।

F) ৰাজপথত লটং-পটং নহ’ব। ৱাকফ আইনৰ প্ৰতিবাদ কৰাসকলক সকীয়নি মুখ্যমন্ত্ৰীৰ। যিসকলে ৱাকফ আইনখন বিৰোধিতা কৰিব বিচাৰে তেওঁলোকে ৰাজপথত নহয় উচ্চতম ন্যায়ালয়ৰ কাষ চাপক। আজি এই মন্তব্য কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

G) পহিলা ব’হাগৰ দিনা জীপাল হ’ল ঐতিহাসিক ৰংঘৰৰ বাকৰি। ঢোল, পেঁপাৰ মাত আৰু ৰাংঢালী নাচনিৰ নাচত প্ৰাণময় ৰংঘৰ। আটাছুৰ উদ্যোগত এই ৰঙালী বিহু উদযাপন। ঐতিহাসিক তলাতল ঘৰৰ পৰা ঢোলে-দগৰে হাতীত বহাই আদৰি অনা হ’ল প্ৰতীকি স্বৰ্গদেউক। অনুষ্ঠান উদ্বোধন কৰে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী পিয়ুষ হাজৰিকাই।

H) ভূমি কেলেংকাৰীৰ গোচৰত কংগ্ৰেছৰ সাংসদ প্ৰিয়ংকা গান্ধীৰ স্বামী ৰবাৰ্ট ৱাদ্ৰাক ইডিৰ চমন। বিজেপিৰ ষড়যন্ত্ৰ আখ্যা গান্ধী পৰিয়ালৰ জোঁৱাইৰ। কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই যোৱা বছৰ এই বিষয়ত ধন সৰবৰাহৰ গোচৰ ৰুজু কৰিছিল । ইয়াৰ পূৰ্বে তেওঁক ৮ এপ্ৰিলত মাতিছিল যদিও ৱাদ্ৰা উপস্থিত হোৱা নাছিল ।

I) আজি আইপি এলত পঞ্জাৱ কিংছ বনাম কলকাতা নাইট ৰাইডাৰ্ছৰ মেচ। এই খেলখন মুল্লানপুৰত সন্ধিয়া ৭ঃ৩০ বজাত অনুষ্ঠিত। এই হাইভল্টেজ মেচখনৰ ফলাফল জানিবলৈ আগ্ৰহী অনুৰাগী, দৃষ্টি নিৱদ্ধ শ্ৰেয়াছ আৰু ৰাহানেৰ ওপৰত।