শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
দিনটোৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ

দিনটোৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ

barasha-misra
Barasha Misra | Published: 02 Mar 2025 22:59 PM

ৰীতা চৌধুৰীৰ চিঠিক লৈ অখিল গগৈয়ে কয়, "যদি কিবা ভুল কৰিছো ছাত্ৰ হিচাপে ক্ষমা কৰিব। ৰীতা চৌধুৰীক লৈ কোনো অপমানজনক মন্তব্য কৰাৰ কথা মনত পৰা নাই। শিক্ষাগুৰু হিচাপে ৰীতা চৌধুৰী সদায় নমস্য হৈ থাকিব।"

বিগত কিছুদিন ধৰি চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ আছে বিধায়ক অখিল গগৈৰ পত্নী তথা শিক্ষয়িত্ৰী গীতাশ্ৰী তামুলীৰ নিযুক্তি সন্দৰ্ভত। ইয়াৰ মাজতে বিধায়ক অখিল গগৈলৈ ড° ৰীতা চৌধুৰীৰ মুকলি চিঠি। ৰাজনীতিৰ মেৰপাচৰ পৰা সাৰি যোৱা নাই একাংশ নেতাৰ পত্নী তথা পৰিয়াল। এই চিঠি এগৰাকী শিক্ষয়িত্ৰীৰ এগৰাকী ছাত্ৰলৈ। অখিল গগৈৰ পত্নী ড° গীতাশ্ৰী তামুলীৰ প্ৰসংগৰো অৱতাৰণা ৰীতা চৌধুৰীয়ে। তেওঁ কয়, মন্ত্ৰী পত্নী হোৱা বাবেই মোক অখিল গগৈয়ে বহুবাৰ বহু কথা কৈছে। ইফালে ৰীতা চৌধুৰীৰ চিঠিক লৈ অখিল গগৈয়ে কয়, “যদি কিবা ভুল কৰিছো ছাত্ৰ হিচাপে ক্ষমা কৰিব। ৰীতা চৌধুৰীক লৈ কোনো অপমানজনক মন্তব্য কৰাৰ কথা মনত পৰা নাই। শিক্ষাগুৰু হিচাপে ৰীতা চৌধুৰী সদায় নমস্য হৈ থাকিব।”