Assam News: আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ
আজি এক বিবৃতিৰ জৰিয়তে আলফা (স্বা)য়ে বিহু আয়োজক সমিতিসমূহৰ লগতে শিল্পীসকলকো বিশেষ আহ্বান জনাইছে। আলফা (স্বা)য়ে বিহুৰ ৭টা দিন শিল্পীসকলক হিন্দী গীত বৰ্জন কৰিবলৈ অনুৰোধ জনাইছে। অন্যথা কঠোৰ স্থিতি গ্ৰহণ কৰা হ’ব বুলি সকীয়াই দিছে সংগঠনটোয়ে।
হেঁপাহৰ ৰঙালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকী। বিহুৰ পূৰ্বে বিহু সুৰক্ষা সমিতিয়ে জাৰি কৰিছিল নতুন SOP। সেই SOP ৰ মতে, মুকলি বিহু আৰু হুঁচৰিক কৰিব নোৱাৰিব একত্ৰিত। বিহু আয়োজকে পিন্ধিব লাগিব জাতীয় সাজপাৰ। মুকলি বিহুত পৰিৱেশন কৰা বিহুনাম পৰিৱেশন কৰিব নোৱাৰিব হুঁচৰিত। নিশা ১২ বজাৰ পূৰ্বে শেষ কৰিব লাগিব অনুষ্ঠান। প্ৰতিখন বিহু সন্মিলনত অগ্ৰাধিকাৰ দিব লাগিব লোকশিল্পীক। ইয়াৰোপৰি জেঠ মাহ পৰ্যন্ত চলিব নোৱাৰিব বিহুৰ অনুষ্ঠান।
ইয়াৰ পিছত আজি এক বিবৃতিৰ জৰিয়তে আলফা (স্বা)য়ে বিহু আয়োজক সমিতিসমূহৰ লগতে শিল্পীসকলকো বিশেষ আহ্বান জনাইছে। আলফা (স্বা)য়ে বিহুৰ ৭টা দিন শিল্পীসকলক হিন্দী গীত বৰ্জন কৰিবলৈ অনুৰোধ জনাইছে। অন্যথা কঠোৰ স্থিতি গ্ৰহণ কৰা হ’ব বুলি সকীয়াই দিছে সংগঠনটোয়ে।
ইয়াৰ লগতে পলকতে চাওক দেশ- বিদেশৰ প্ৰতিটো গুৰুত্বপূৰ্ণ খবৰ।