Assam News: সাতবিহু আজি শেষৰটো দিন, চাওক দিনটোৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ
চলিত বৰ্ষৰ শেষৰ ফালে অনুষ্ঠিত হ’ব আইচিচি মহিলা এদিনীয়া বিশ্বকাপ। কিন্তু বিশ্বকাপ খেলিবলৈ ভাৰতলৈ নাহে পাকিস্তান। PCBৰ অধ্যক্ষই স্পষ্টকৈ কলে এই কথা। দীৰ্ঘদিনীয়া ৰাজনৈতিক উত্তেজনাৰ বাবে ভাৰত আৰু পাকিস্তানৰ মাজত ক্ৰিকেট সম্পৰ্ক আইচিচি প্ৰতিযোগিতা আৰু এছিয়া কাপত সীমাবদ্ধ হৈ আছে।
আজিৰ দিনটোত বহুকেইটা বাতৰিয়ে শীৰ্ষ স্থান দখল কৰিছে। পলকতে চাও আহক অসমৰ লগতে দেশ বিদেশৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ-
A) তুংগত উঠিছে ৰাজ্য়ত পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ। নিৰ্বাচনক লৈ সমুখ সমৰত ৰাইজৰ দল আৰু কংগ্ৰেছ। ইয়াৰ মাজতে অখিল গগৈয়ে কয়, কংগ্ৰেছে বিশ্বাসঘাতকতা কৰিছে, সীমা চেৰাই গৈছে কংগ্ৰেছে। আনফালে অখিলক প্ৰত্যুত্তৰ দি APCCৰ সভাপতি ভূপেন বৰাই কয়, আমি অখিল গগৈৰ চাৰ্টিফিকেট নিবিচাৰো।
B) আজি ৰঙালী বিহুৰ সপ্তম দিন তথা ব’হাগৰ ৬ তাৰিখ। আজি ৰাজ্যবাসীয়ে পালন কৰিব চেৰা বিহু । প্ৰতিটো বিহুৰ দৰে ৰঙালীৰ চেৰা বিহুৰো বিশেষ গুৰুত্ব আছে।
C) নিশা মৰাণৰ খোৱাঙত ভয়কৰ পথ দুৰ্ঘটনা। ৰখাই থোৱা ট্ৰাকত খুন্দা মাৰে চাৰিচকীয়া বাহনে। দুৰ্ঘটনাত দুমহীয়া শিশুসহ তিনিজন লোক গুৰুতৰভাৱে আহত। আহতসকলক ততাতৈয়াকৈ ডিব্ৰুগড়ৰ AMCHলৈ প্ৰেৰণ কৰে।
D) সোণ-ৰূপৰ মূল্যৰ ধাৰাবাহিক পৰিৱৰ্তন হৈ আছে। আজিৰ গুৱাহাটীত প্ৰতি গ্ৰাম ২২ কেৰেট সোণৰ মূল্য ৮,৮১৫টকা আৰু প্ৰতি গ্ৰাম ২৪ কেৰেট সোণৰ মূল্য ৯,৫৭১.৯০ টকা। আনহাতে প্ৰতি গ্ৰাম ৰূপৰ মূল্য প্ৰায় ৯৫.৪৫ টকা।
E) ‘একচন মোড’ত যোগী আদিত্যনাথ, ৱাকফ আইন কাৰ্যকৰী হোৱাৰ লগে লগে ৫৮ একৰ চৰকাৰী ভূমি বেদখলমুক্ত কৰে। চৰকাৰে দাবী কৰিছে যে ৱাকফ ব’ৰ্ডে পঞ্জীয়ন কৰা ভূমিত মাদ্ৰাছা আৰু কবৰস্থান আছে। এইবোৰ পূৰ্বতে গ্ৰাম্য সমাজৰ নামত পঞ্জীয়ন কৰা হৈছিল। তদন্তৰ অন্তত এই পঞ্জীয়ন সলনি কৰা হৈছে।
F) চলিত বৰ্ষৰ শেষৰ ফালে অনুষ্ঠিত হ’ব আইচিচি মহিলা এদিনীয়া বিশ্বকাপ। কিন্তু বিশ্বকাপ খেলিবলৈ ভাৰতলৈ নাহে পাকিস্তান। PCBৰ অধ্যক্ষই স্পষ্টকৈ কলে এই কথা। দীৰ্ঘদিনীয়া ৰাজনৈতিক উত্তেজনাৰ বাবে ভাৰত আৰু পাকিস্তানৰ মাজত ক্ৰিকেট সম্পৰ্ক আইচিচি প্ৰতিযোগিতা আৰু এছিয়া কাপত সীমাবদ্ধ হৈ আছে।
G) ৰাছিয়া-ইউক্ৰেইনৰ অস্থায়ী যুদ্ধবিৰতি ঘোষণা। ইষ্টাৰৰ বাবে যুদ্ধবিৰতি ঘোষণা কৰা হৈছিল। ইয়াৰ মাজতে জেলেনস্কিৰ দাবা, পুটিনে মানুহৰ জীৱনৰ সৈতে খেলিছে। ইউক্ৰেইনৰ আকাশত ৰাছিয়াৰ আক্ৰমণাত্মক ড্ৰ’ন ধৰা পৰিছে। ইফালে ক্ৰেমলিনৰ তথ্য অনুসৰি, শনিবাৰে মস্কোৰ সময় অনুসৰি সন্ধিয়া ৬ বজাৰ পৰা ইষ্টাৰ দেওবাৰৰ মাজনিশালৈকে এই যুদ্ধবিৰতি চলিব।
H) চমু চাপি আহিছে পঞ্চায়ত নিৰ্বাচনৰ দিন। সমান্তৰালকৈ তৎপৰ হৈছে শাসক-বিৰোধী। বিৰোধীক কটাক্ষ কৰি এই মন্তব্য মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ। তেওঁ কয়, অখিল গগৈয়ে ক’ত, কি কয় তেওঁ নিজেই নাজানে। আজি গৌৰৱ গগৈৰ কথা ক’ব, কাইলৈ ভূপেন বৰাৰ কথা ক’ব।’
I) আজি আই পি এলৰ দুখনকৈ মেচ অনুষ্ঠিত হৈছে। আজি বিয়লি ৩.৩০ বজাত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু বনাম পঞ্জাৱ কিংছৰ। আনহাতে ৭.৩০ বজাত মুম্বাই ইণ্ডিয়ানছ বনাম চেন্নাই ছুপাৰ কিংছৰ মেচ।