শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
Assam News: দিনটোৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ

Assam News: দিনটোৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ

barasha-misra
Barasha Misra | Published: 22 Mar 2025 22:28 PM

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, "কেৱল ৰূপজ্যোতি কুৰ্মীয়ে নহয়, ক্ষমা বিচাৰক বিধায়ক অখিল গগৈয়েও। ৰূপজ্যোতি কুৰ্মীয়ে ভাষণ প্ৰদান কৰাৰ সময়ত বাধা প্ৰদান কৰি অখিল গগৈয়েও ভুল কৰিছে।"

বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ কাণ্ডক লৈ বিজেপিত জোকাৰণি। বিধানসভাত বিধায়কগৰাকীৰ আচৰণক লৈ চৌদিশে প্ৰতিক্ৰিয়া। জনসাধাৰণৰ ওচৰত ক্ষমা বিচাৰক ৰূপজ্যোতি কুৰ্মীয়ে। এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়, “বিধানসভাত ৰূপজ্যোতি কুৰ্মীয়ে কৰা ব্যৱহাৰ ভাৰতীয় জনতা পাৰ্টিৰ সংস্কৃতিৰ পৰিপন্থী। তেওঁৰ ব্যৱহাৰক লৈ আমি দুঃখিত।”

ইয়াৰোপৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, “কেৱল ৰূপজ্যোতি কুৰ্মীয়ে নহয়, ক্ষমা বিচাৰক বিধায়ক অখিল গগৈয়েও। ৰূপজ্যোতি কুৰ্মীয়ে ভাষণ প্ৰদান কৰাৰ সময়ত বাধা প্ৰদান কৰি অখিল গগৈয়েও ভুল কৰিছে। ৰাজ্যিক সভাপতিয়ে বিধায়ক ৰূপজ্যোতি কুৰ্মীক অসমৰ ৰাইজৰ ওচৰত ক্ষমা বিচাৰিবলৈ নিৰ্দেশ দিছে। ভাষণৰ মাজত এনেধৰণে বাধা প্ৰদান কৰা পৰম্পৰা পূৰ্বতে অসম বিধানসভাত নাছিল। ৰূপজ্যোতি কুৰ্মীয়ে ভাষণ প্ৰদান কৰাৰ সময়ত বাধা প্ৰদান কৰি অখিল গগৈয়েও ভুল কৰিছে।”

লগতে পলকতে চাওক দেশ-বিদেশৰ দিনটোৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ।