শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
পলকতে চাওক দিনটোৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ

পলকতে চাওক দিনটোৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ

barasha-misra
Barasha Misra | Published: 23 Feb 2025 22:12 PM

কাইলৈ বিশ্ব অভিলেখ গঢ়িব ঝুমইৰে। সৰুসজাইত চলিছে ঝুমইৰৰ আখৰা । আখৰা উপভোগ কৰিলে মহানগৰীকে ধৰি ভিন্ন প্ৰান্তৰ লোকে।

সৰুসজাইত চলিছে ঝুমইৰ বিনন্দিনীৰ পূৰ্ণাংগ আখৰা। কাইলৈ ঝুমুৰৰ নৃত্যৰে বিশ্ব অভিলেখ গঢ়িব ৰাজ্য চৰকাৰে। এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । প্ৰধানমন্ত্ৰীয়ে ঝুমুইৰ নৃত্য পৰিৱেশন কৰা শিল্পীসকলৰ সৈতে মত বিনিময় কৰিব। এই কাৰ্যসূচীত অংশগ্ৰহণ কৰা মাষ্টাৰ ট্রেইনাৰ্ছকে ধৰি অনুষ্ঠান পৰিৱেশন কৰা সকলো শিল্পীলৈ ২৫ হাজাৰ টকা আগবঢ়াব চৰকাৰে । কাইলৈ ‘ঝুমইৰ বিনন্দিনী’ অনুষ্ঠানত অংশগ্ৰহণ কৰিব ৬০ দেশৰ ৰাষ্ট্ৰদূতে ।

ইফালে আজি সৰুসজাইত শেষৰ আখৰাত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয়-  “বিহু, ঝুমুৰৰ দৰে নৱেম্বৰ মাহত বাগৰুম্বাকো বিশ্বৰ বুকুলৈ লৈ যোৱাৰ প্ৰয়াস কৰিম। ভগৱানে ভালে ৰাখিলে দিল্লীত গৈ এদিন ঝুমুৰ নৃত্য প্ৰদৰ্শন কৰিম আৰু আদিবাসী সমাজখনৰ সুনাম বৃদ্ধি কৰিম।”