শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
Assam News: দিনটোৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ

Assam News: দিনটোৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ

barasha-misra
Barasha Misra | Published: 23 Mar 2025 22:13 PM

প্ৰশ্ন কাকত ভাইৰেলক লৈ কঠোৰস্থিতি অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ। ২০২৫-২৬ত একাদশ শ্ৰেণীত নামভৰ্তিৰ অনুমতি বাতিল ১৫ শিক্ষানুষ্ঠানৰ। লগতে চাওক দেশ বিদেশৰ বহু খবৰ।

প্ৰশ্নকাকত ফাদিল, পৰীক্ষা বাতিল! উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰীক্ষা বাতিলক লৈ চৌদিশে প্ৰতিক্ৰিয়া। প্ৰশ্নকাকত ভাইৰেল সন্দৰ্ভত এইবাৰ মন্তব্য কৰিছে শিক্ষামন্ত্ৰী ৰণোজ পেগুয়ে। শিক্ষামন্ত্ৰীৰ মতে, ‘যেতিয়া ৰক্ষকেই ভক্ষক হয়, তেতিয়া কৰিবলগীয়া একো নাথাকে। শিক্ষক-শিক্ষয়েত্ৰীক ভৰষা কৰিয়েই পৰীক্ষা পাতো।

উল্লেখ্য যে, উচ্চতৰ মাধ্যমিকৰ একাদশ শ্ৰেণীৰ প্ৰশ্নকাকত ভাইৰেল হৈছিল। ফাদিল হোৱা প্ৰশ্নকাকতেৰেই অনুষ্ঠিত কৰিছে পৰীক্ষা। শুকুৰবাৰে সামাজিক মাধ্যমত ভাইৰেল হৈছিল HS প্ৰথম বৰ্ষৰ অৰ্থনীতি বিষয়ৰ প্ৰশ্নকাকত। ইয়াৰ পূৰ্বে ২১ মাৰ্চত অনুষ্ঠিত হ’বলগীয়া গণিতৰ পৰীক্ষাও স্থগিত ৰাখিছিল। প্ৰশ্ন কাকত ভাইৰেলক লৈ কঠোৰস্থিতি অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ। ২০২৫-২৬ত একাদশ শ্ৰেণীত নামভৰ্তিৰ অনুমতি বাতিল ১৫ শিক্ষানুষ্ঠানৰ। লগতে চাওক দেশ বিদেশৰ বহু খবৰ।