Assam News: আজিৰ দিনটোৰ শীৰ্ষ খবৰসমূহ চাওক
অৱশেষত জামিন লাভ কৰিলে সাংবাদিক দিলোৱাৰ হুছেইনে। আৰক্ষীয়ে উপযুক্ত প্ৰমাণ দিব নোৱাৰাৰ বাবে কামৰূপৰ মুখ্য ন্যায়িক দণ্ডাধীশ আদালতে জামিন প্ৰদান কৰিছে জ্যেষ্ঠ সাংবাদিকগৰাকীক।
ৰাজ্যজুৰি সাংবাদিকৰ প্ৰতিবাদ । জ্যেষ্ঠ সাংবাদিক দিলোৱাৰ হুছেইনক গ্ৰেপ্তাৰক লৈ চাঞ্চল্য। এটা ৱেব প’ৰ্টেলৰ সাংবাদিক দিলোৱাৰ হুছেইন মজুমদাৰ। সাংবাদিকগৰাকীৰ বিৰুদ্ধে ৰুজু কৰা হৈছে দুটাকৈ গোচৰ। প্ৰথমে অনুসূচীত জনজাতিৰ লোকক অপমান কৰাৰ অভিযোগ। আজি গুৱাহাটী প্ৰেছ ক্লাবৰ সন্মুখত ৰাজ্যৰ প্ৰতিটো সংবাদ মাধ্যৰ সাংবাদিকৰ প্ৰতিবাদ।
অৱশেষত জামিন লাভ কৰিলে সাংবাদিক দিলোৱাৰ হুছেইনে। আৰক্ষীয়ে উপযুক্ত প্ৰমাণ দিব নোৱাৰাৰ বাবে কামৰূপৰ মুখ্য ন্যায়িক দণ্ডাধীশ আদালতে জামিন প্ৰদান কৰিছে জ্যেষ্ঠ সাংবাদিকগৰাকীক। অৱশ্যে আজি নিশা কাৰাগাৰতে থাকিব লাগিব সাংবাদিকগৰাকী। মুক্তিৰ বাবে প্ৰয়োজনীয় জামিন বণ্ড জমা কৰিব নোৱাৰা বাবে আজি মুকলি আকাশৰ তললৈ আহিব নোৱাৰে।
লগতে পলকতে চাওক দেশ-বিদেশৰ বহু খবৰ।