Assam News: পলকতে চাওক দিনটোৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ
টাইপাই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংবিধান আৰু প্ৰতীক জ্বলাই সংঘৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাৰ বিৰুদ্ধে গৰজি উঠিছে উত্তৰ-পূৰ্বাঞ্চলৰ বৃহত্তৰ ধৰ্মীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘ । সংগঠনটোৰ এনে কাৰ্যৰ বিৰুদ্ধে কালি গোলাঘাট সমন্বয় ক্ষেত্ৰৰ পৰা শতাধিক ভকত-বৈষ্ণৱে হাতত সংঘৰ সংবিধান আৰু প্ৰতীক লৈ সমদল উলিয়াই সদৰ আৰক্ষী থানাত টাইপাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে ।
তুংগত উঠিছে শংকৰদেৱ সংঘ আৰু টাইপাৰ সংঘাত। উজনিত কোনো অনুষ্ঠান পাতিব নোৱাৰিব শংকৰদেৱ সংঘই। আজি টাইপাই সংবাদমেলত কয়, “শংকৰদেৱ সংঘই ক্ষমা খুজি বিতৰ্কৰ অৱসান ঘটাব লাগিব। ৰাজহুৱাভাৱে ক্ষমা নুখুজিলে উজনি অসমত শংকৰ সংঘৰ কাৰ্যসূচীত বাধা দিবলৈ বাধ্য হম।” বহুদিনৰ পৰা শংকৰদেৱ সংঘ আৰু টাইপাৰ মাজত সংঘাত চলি আহিছে। মে-ডাম-মেফিত অংশ লোৱা বাবে শ্ৰীমন্ত শংকৰদেৱ সংঘই এজন সদস্য়ক বহিষ্কাৰ কৰাক লৈ টাইপাইৰ প্ৰতিবাদ । ইয়াৰ পিছতে টাইপাই সোণাৰিত সংঘৰ সংবিধান দাহন কৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ পাছত টাইপাৰ বিৰুদ্ধে শ্ৰীমন্ত শংকৰদেৱ সংঘই ৰাজ্য়ৰ বিভিন্ন থানাত এজাহাৰ দাখিল কৰে । ইয়াৰোপৰি চাওক আজি ৰাজ্যৰ লগতে দেশ-বিদেশৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ।