Assam News: মুখ্যমন্ত্ৰী আৰু সাংসদ গৌৰৱ গগৈৰ বাকযুদ্ধৰ পৰা কাশ্মীৰৰ শেহতীয়া পৰিস্থিতিলৈ, চাওক দিনটোৰ শীৰ্ষ খবৰ…
অসমত আন এক অভিযান চলাব ৰাজ্য চৰকাৰে। NRC ত আবেদন নকৰাকৈ আধাৰকাৰ্ড ব্যৱহাৰ কৰাসকলৰ বাবে। অসমত থকা অবৈধ লোকসকলৰ বিৰুদ্ধেও কঠোৰ চৰকাৰ।
আজিৰ দিনটোত বহুকেইটা বাতৰিয়ে শীৰ্ষ স্থান দখল কৰিছে। পলকতে চাও আহক অসমৰ লগতে দেশ বিদেশৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ-
A) পুনৰ গৌৰৱ গগৈৰ বিৰুদ্ধে সৰৱ মুখ্যমন্ত্ৰী। মুখ্যমন্ত্ৰীয়ে কয়, তেওঁ পাকিস্তানত গৈছেনে নাই? তেওঁক পাকিস্তানৰ কথা সুধিলে পহলগামৰ কথা কয়। ইমান ধুনীয়াকৈ নামাজ পঢ়িব ক’ত শিকিলে? আমাৰ অসমত আৰু ভাৰতত এনে প্ৰশিক্ষণ কেন্দ্ৰ নাই।” ইফালে গৌৰৱ গগৈয়ে পাকিস্তানী এজেন্ট সজাব নোৱাৰিলে মুখ্যমন্ত্ৰীক চকী এৰাৰ প্ৰত্যাহ্বান দিয়ে।
B) পহলগাম আক্ৰমণৰ পিছত ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা। ভাৰতে সিন্ধু জল চুক্তিৰ ওপৰত কৰিছে বাধ্য়-বাধকতা। ইয়াৰ মাজতে সিন্ধু জল চুক্তি সন্দৰ্ভত সামাজিক মাধ্যমত পোষ্ট কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁৰ মতে, পণ্ডিত জৱাহৰলাল নেহৰুৱে সিন্ধু জল চুক্তি স্বাক্ষৰ কৰাটোৱে ভাৰতৰ ইতিহাসৰ আটাইতকৈ ডাঙৰ ভুল!
C) পহলগাম আক্ৰমণ সন্দৰ্ভত ‘মন কী বাত’যোগে প্ৰধানমন্ত্ৰী মোদীৰ হুংকাৰ। প্ৰধানমন্ত্ৰীয়ে কয়, “মোৰ মনত বিষ অনুভৱ হৈছে। পহলগামৰ আক্ৰমণে সন্ত্ৰাসবাদৰ পৃষ্ঠপোষকতা কৰাসকলৰ হতাশাৰ পৰিচয় দিয়ে। কাশ্মীৰৰ উন্নতিক লৈ একাংশ লোক সুখী নহয়।”
D) অসমত আন এক অভিযান চলাব ৰাজ্য চৰকাৰে। NRC ত আবেদন নকৰাকৈ আধাৰকাৰ্ড ব্যৱহাৰ কৰাসকলৰ বাবে। অসমত থকা অবৈধ লোকসকলৰ বিৰুদ্ধেও কঠোৰ চৰকাৰ।
E) পাকিস্তানৰ বিৰুদ্ধে সৰৱ কেন্দ্ৰীয় চৰকাৰৰ লগতে ৰাজ্য চৰকাৰ। পাকিস্তানক সমৰ্থন কৰি বৰ্তমানলৈ গ্ৰেপ্তাৰ ১৫ জন দেশদ্ৰোহী। মুখ্যমন্ত্ৰীয়ে কয় পাকিস্তানক সমৰ্থন কৰাসকলক ৰেহাই দিয়া নহয়।
F) পাকিস্তানৰ সৈতে ভাৰতৰ সম্পৰ্কত তিক্ততা। দুয়োখন দেশৰ সীমান্তও কৰি দিয়া হৈছে বন্ধ। সেই পৰিৱেশতেই নতুন দিল্লীয়ে চীনৰ সৈতে নতুন সম্পৰ্ক স্থাপন কৰিছে। কৈলাশৰ আশে-পাশে যি সমস্যাৰ সৃষ্টি হৈছিল, সেই সমস্যা সমাধান। কেন্দ্ৰই পুনৰবাৰ পাঁচ বছৰৰ মূৰত কৈলাশ-মানসৰোৱৰৰ তীৰ্থযাত্ৰীৰ নাম পঞ্জীয়ন আৰম্ভ কৰিছে।
G) সোণ-ৰূপৰ মূল্যৰ ধাৰাবাহিক পৰিৱৰ্তন। ভাৰতত আজি ২৪ কেৰেট সোণৰ মূল্য প্ৰতি গ্ৰামত ৯,৮৩১ টকা, ২২ কেৰেট সোণৰ মূল্য প্ৰতি গ্ৰামত ৯,০১৭ টকা। গুৱাহাটীত ২২ কেৰেট সোণৰ মূল্য প্ৰতি গ্ৰাম ৯,১৮০ টকা, আনহাতে ২৪ কেৰেট সোণৰ মূল্য প্ৰতি গ্ৰামত ৯,৬৩৯ টকা। আজি গুৱাহাটীত ৰূপৰ মূল্য প্ৰতি গ্ৰামত ১০১.৯০ টকা
H) যুদ্ধংদেহী ৰূপত দেখাত গৈছে ভাৰতীয় সেনাক। পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাঙি পেলোৱা হৈছে এটাৰ পাছত আনটো সন্ত্ৰাসবাদীৰ ঘৰ।৪৮ ঘন্টাত ৬টা সন্ত্ৰাসবাদী ঘৰ ভাঙি পেলোৱা হয়।
I) বাৰ্চিলোনাই লাভ কৰিছে এই ছিজনৰ কোপা ডেল ৰে’ৰ খিতাপ। আজি পুৱতি নিশা সমগ্ৰ ফুটবল বিশ্বই পুনৰ এবাৰ উপভোগ কৰিলে এল ক্লাছিকোৰ উন্মাদনা। তীব্ৰ প্ৰতিদ্বন্দিতাপূৰ্ণ এই ফাইনেল মেচখনত বাৰ্চিলোনাই চিৰ প্ৰতিদ্বন্দী ৰিয়েল মাদ্ৰিদক ৩-২ ব্যৱধানত পৰাস্ত কৰে।