শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
Assam News: আজিৰ দিনটোৰ শীৰ্ষ খবৰসমূহ চাওক

Assam News: আজিৰ দিনটোৰ শীৰ্ষ খবৰসমূহ চাওক

barasha-misra
Barasha Misra | Published: 29 Mar 2025 22:39 PM

CJM আদালতে জামিন প্ৰদান কৰিলে সাংবাদিকগৰাকীক। বৃহস্পতিবাৰে দ্বিতীয়বাৰলৈ গ্ৰেপ্তাৰ কৰা হৈছিল সাংবাদিক দিলোৱাৰ হুছেইনক।

মুকলি আকাশৰ তলত আহি আবেগিক হৈ সংবাদ মাধ্যমৰ আগত হুকহুকাই কান্দি উঠিল সাংবাদিক দিলোৱাৰ হুছেইন । উচুপি উচুপি জ্যেষ্ঠ সাংবাদিকগৰাকীয়ে ক’লে, মই আপোনালোকক ক’ব খোজো মই সত্যৰ পথত আছোঁ। মোৰ বাবে থিয় দিয়া অসমৰ লগতে দেশৰ প্ৰতিজন সাংবাদিকক মই ধন্যবাদ জনাইছোঁ।

কাৰাগাৰৰ পৰা ওলাই দিলোৱাৰে ক’লে, “সকলোকে মই ধন্যবাদ জনাইছোঁ, মোক ইমান সমৰ্থন কৰাৰ বাবে। মোৰ দুজনী ছোৱালী, যিদিনা পুলিচে অভিযান চলাব গৈছিল, তাই টোপনিৰ পৰা সাৰ পাইছে। তাই মোক সুধিছে, দেউতা এইবোৰ কি? আপোনাক উগ্ৰপন্থীৰ দৰে কৰিছে…কিন্তু মই কৈছো নহয়, তেওঁলোক মোৰ বন্ধু কিবা নিউজৰ কামত আহিছে আৰু মই তেওঁলোকৰ লগত আছোঁ। মই কোনো অন্যায় কাম কৰা নাই আৰু নকৰোঁ। প্ৰশ্ন কৰাটো মোৰ কি পাপ হ’ব পাৰে? কিন্তু মই কৰি যাম প্ৰশ্ন সন্মুখত যিমান বিপদ আহিলেও।”

লগতে চাওক আজিৰ দিনটোৰ দেশ-বিদেশৰ বহু খবৰ।