শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
চাওক দিনটোৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ

চাওক দিনটোৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ

trishna-kalita
Trishna Kalita | Updated On: 03 Mar 2025 23:34 PM

অৱশেষত ঘোষণা হল ADRE তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ ফলাফলৰ দিন। দেওবাৰে ফেচবুক লাইভযোগে এই কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এটা পদৰ বিপৰীতে দুজনকৈ পৰীক্ষাৰ্থী উত্তীৰ্ণ হ’ব। তাৰ পাছত মৌখিক পৰীক্ষা অনুষ্ঠিত হ’ব।

হিন্দু ধৰ্মৰ কথা ক’বলৈ গৈ দেওবাৰে বাওঁপন্থী আৰু উদাৰপন্থীসকলৰ বিৰুদ্ধে সৰৱ হৈ পৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । কলকাতাত বিবেকানন্দ সেৱা সন্মান অনুষ্ঠাত অংশগ্ৰহণ কৰি গুৰুত্বপূৰ্ণ মন্তব্য কৰে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে । হিন্দু সম্প্ৰদায়ক দুৰ্বল কৰি তোলাত বাওঁ আৰু উদাৰপন্থীসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা বুলি অভিযোগ তোলে ডঃ শৰ্মাই ।

অৱশেষত ঘোষণা হল ADRE তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ ফলাফলৰ দিন। দেওবাৰে ফেচবুক লাইভযোগে এই কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীয়ে জনাই যে, বহুপ্ৰতীক্ষিত ADRE ফলাফল ৭মাৰ্চত ঘোষণা কৰা কৰা হ’ব। এটা পদৰ বিপৰীতে দুজনকৈ পৰীক্ষাৰ্থী উত্তীৰ্ণ হ’ব। তাৰ পাছত মৌখিক পৰীক্ষা অনুষ্ঠিত হ’ব। পৰৱৰ্তী সময়ত প্ৰাৰ্থী নিৰ্বাচন কৰা হ’ব।

গুৱাহাটীৰ গীতানগৰৰ কন্যা মহাবিদ্যালয়ত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। জানিব পৰা মতে প্ৰথম মহলাৰ পৰা পৰি মৃত্যুক সাৱতি লয় এগৰাকী ছাত্ৰীয়ে। এই মৃত্যু বৰ্তমান ৰহস্যৰ আৱৰ্তত। মহাবিদ্যালয়খনৰ প্ৰথম মহলাৰ পৰা পৰাৰ ফলত মৃত্যু হয় ছাত্ৰীগৰাকীৰ। ছাত্ৰীগৰাকী অৰ্থনীতি বিভাগৰ দ্বিতীয় ষান্মাসিকত অধ্যয়ন কৰি আছিল। ইয়াৰ লগতে পলকতে চাওক ৰাজ্যৰ আৰু দেশ-বিদেশৰ বহু খবৰ।