Assam News: ৰঙালী বিহুৰ সময়ত বাৰ-ওৱাইন শ্বপ খোলা থাকিব মাজ ৰাতিলৈ, লগতে চাওক বহু গুৰুত্বপূৰ্ণ খবৰ
পূৰ্বে নিশা ১০ বজাত বন্ধ হৈছিল প্ৰতিখন সুৰাৰ বিপনী । নিশাৰ ১২.৩০ বজালৈ খোলা থাকিব পাব-পাবসমূহ । ইতিমধ্য়ে এই ক্ষেত্ৰত অধিসূচনা জাৰি কৰিছে আবকাৰী বিভাগে । একেদৰে প্ৰিয়াম বেণ্ডৰ সুৰাৰ দাম হ্ৰাস পাব বুলিও জানিব পৰা গৈছে ।
আজিৰ প্ৰথমখবৰটো হৈছে সুৰাপায়ী সকলৰ বাবে ভাল খবৰ লৈ আহিছে আবকাৰী বিভাগে ! ৰঙালীৰ প্ৰাকক্ষণত আবকাৰী বিভাগৰ এই সিদ্ধান্তই সুখী কৰিব সুৰাপায়ীসকলক । বাৰ আৰু ৱাইন শ্বপ খোলাৰ ক্ষেত্ৰত নতুন অধিসূচনা জাৰি কৰিছে আবকাৰী বিভাগে। আবকাৰী বিভাগৰ নতুন অধিসূচনা অনুসৰি, এতিয়াৰ পৰা গুৱাহাটীৰ প্ৰতিখন সুৰাৰ বিপনী নিশা ১১ বজাৰলৈ খোলা থাকিব । ৰঙালীৰ প্ৰাকক্ষণত সুৰাৰ বিপনী খোলা ৰখাৰ সময় বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আবকাৰী বিভাগে । পূৰ্বে নিশা ১০ বজাত বন্ধ হৈছিল প্ৰতিখন সুৰাৰ বিপনী । নিশাৰ ১২.৩০ বজালৈ খোলা থাকিব পাব-পাবসমূহ । ইতিমধ্য়ে এই ক্ষেত্ৰত অধিসূচনা জাৰি কৰিছে আবকাৰী বিভাগে । একেদৰে প্ৰিয়াম বেণ্ডৰ সুৰাৰ দাম হ্ৰাস পাব বুলিও জানিব পৰা গৈছে ।
দ্বিতীয়তে, অসমৰ মূলধনী ব্যয় ২০১৫–১৬ চনত ২,৯৫১ কোটি টকাৰ পৰা ২০২৪–২৫ চনত আনুমানিক ২৪,৯৬৪ কোটি টকালৈ বৃদ্ধি পাইছে, যিয়ে উন্নয়নমূলক ব্যয়ৰ ব্যাপক সম্প্ৰসাৰণৰ প্ৰতিফলন ঘটায় । মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে ইয়াৰ ফলত অসমক মূলধনী বিনিয়োগৰ অন্যতম শীৰ্ষ ৰাজ্য হিচাপে স্থান দিয়া হৈছে ।
ইয়াৰ লগতে চাওক দেশ-বিদেশৰ বহু গুৰুত্বপূৰ্ণ খবৰ।