শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
পলকতে চাওক দিনটোৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ

পলকতে চাওক দিনটোৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ

barasha-misra
Barasha Misra | Published: 22 Feb 2025 21:54 PM

বৰ্তমান পাথাৰকান্দি আৰক্ষী থানালৈ লৈ যোৱা হৈছে আচাৰ্য মহবুবুল হকক। মাজ নিশা গুৱাহাটীৰ ঘোঁৰামাৰাৰ পৰা মহানগৰ আৰক্ষী, STF ৰ সহযোগত শ্ৰীভূমি আৰক্ষীয়ে আটক কৰে আচাৰ্যজনক।

গ্ৰেপ্তাৰ কৰা হৈছে USTM ৰ আচাৰ্য মহবুবুল হকক। শেহতীয়াকৈ মহবুবুল হকৰ গ্ৰেপ্তাৰৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, “অসমত বহু দিনৰ পৰা এটা ডাঙৰ চক্ৰক লক্ষ্য কৰি থকা হৈছিল । এই চক্ৰটোৱে মেডিকেল, ইঞ্জিনিয়াৰিং আৰু CBSE ৰ পৰীক্ষাৰ আগত ছাত্ৰ-ছাত্ৰীসকলৰ চেণ্টাৰ সলনি কৰে । ইয়াৰ পাছত কিছুমান নিদিষ্ট স্কুললৈ লৈ যোৱা হয় । গোৱালপাৰা, নগাঁও আৰু কামৰূপ জিলাৰ ২৪৭ গৰাকী শিক্ষাৰ্থীক CBSE ৰ পৰীক্ষাত ৩০ নম্বৰতকৈ অধিক নম্বৰ দিয়াৰ প্ৰতিশ্ৰুতি দি বৰাক উপত্যকাৰ পাথাৰকান্দিলৈ লৈ যোৱা হৈছিল । যেতিয়া তেওঁলোকে সেই ঠাইত সুবিধা নাপালে আৰু শিক্ষাৰ্থীসকলে হুলস্থুল কৰা পাছত এতিয়া লাহে লাহে চক্ৰটো পোহৰলৈ আহিছে ।”