মেট্ৰিকৰ ফলাফলৰ পৰা বজ্ৰপাতে চলোৱা মৃত্যুলীলালৈ…. চাওক দিনটোৰ চৰ্চিত খবৰ

Apr 11, 2025 | 11:10 PM

আজি ঘোষণা কৰা হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। শিক্ষা বোৰ্ডে জাৰি কৰা তথ্য অনুসৰি এইবাৰ ৬৩.৯৮ শতাংশ পৰীক্ষাৰ্থী মেট্ৰিকত উত্তীৰ্ণৰ হয়। মুঠ ২,৭০,৪৭২ গৰাকী পৰীক্ষাৰ্থীয়ে পৰীক্ষাত কৃতকাৰ্যতা লাভ কৰে। ইয়াৰে ভিতৰত ৮৯,০৪১ গৰাকী প্ৰথম বিভাগত; ১,৩৫,৫৬৮ গৰাকী দ্বিতীয় বিভাগত আৰু ৪৫,৮৬২ গৰাকী প্ৰাৰ্থী তৃতীয় বিভাগত উত্তীৰ্ণ হয়।

আজি পুৱাৰ ভাগত ঘোষণা কৰা হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। শিক্ষা বোৰ্ডে জাৰি কৰা তথ্য অনুসৰি এইবাৰ ৬৩.৯৮ শতাংশ পৰীক্ষাৰ্থী মেট্ৰিকত উত্তীৰ্ণৰ হয়। মুঠ ২,৭০,৪৭২ গৰাকী পৰীক্ষাৰ্থীয়ে পৰীক্ষাত কৃতকাৰ্যতা লাভ কৰে। ইয়াৰে ভিতৰত ৮৯,০৪১ গৰাকী প্ৰথম বিভাগত; ১,৩৫,৫৬৮ গৰাকী দ্বিতীয় বিভাগত আৰু ৪৫,৮৬২ গৰাকী প্ৰাৰ্থী তৃতীয় বিভাগত উত্তীৰ্ণ হয়। তথ্য অনুসৰি এইবাৰ পৰীক্ষাত ছাত্ৰৰ উত্তীৰ্ণৰ হাৰ ছাত্ৰীতকৈ অধিক। মুঠ ৬৭.৫৯ শতাংশ ছাত্ৰই সফলতা লাভ কৰাৰ বিপৰীতে ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ ৬১.০৯ শতাংশ। সৰ্বমুঠ ৮৫.৫৫ শতাংশ উত্তীৰ্ণৰ হাৰেৰে ফলফালৰ ক্ষেত্ৰত শীৰ্ষত আছে শিৱসাগৰ জিলা।

ইফালে বৃহস্পতি অসমৰ লগতে দেশৰ আন কেইখনমান ৰাজ্যতো বতৰে উগ্ৰ ৰূপ ধাৰণ কৰে। বিহাৰত বতাহ-বৰষুণৰ লগতে বজ্ৰপাতৰ ফলত মাত্ৰ ৪৮ ঘণ্টাৰ ভিতৰত ৬১ জন লোকে প্ৰাণ হেৰুৱায়। চাওঁ আহক দিনটোৰ আন কেইটামান গুৰুত্বপূৰ্ণ খবৰ….