সোণাপুৰৰ দুৰ্ঘটনাৰ পৰা গুণোৎসৱৰ ফলাফললৈকেঃ চাওক আজিৰ দিনটোৰ শীৰ্ষ খবৰসমূহ…
আজি ঘোষণা কৰা হয় গুণোৎসৱ ২০২৫ ৰ ফলাফল। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুণোৎসৱৰ ফলাফল ঘোষণা কৰি উন্নত ফলাফল দেখুওৱা প্ৰতিখন জিলাকে অভিনন্দন জনায়। ঘোষিত ফলাফল অনুসৰি শিৱসাগৰ জিলাই গুণোৎসৱৰ মূল্যাংকত শীৰ্ষত থাকে।
আজি ঘোষণা কৰা হয় গুণোৎসৱ ২০২৫ ৰ ফলাফল। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুণোৎসৱৰ ফলাফল ঘোষণা কৰি উন্নত ফলাফল দেখুওৱা প্ৰতিখন জিলাকে অভিনন্দন জনায়। ঘোষিত ফলাফল অনুসৰি শিৱসাগৰ জিলাই গুণোৎসৱৰ মূল্যাংকত শীৰ্ষত থাকে। আনহাতে গোলঘাট জিলাই দ্বিতীয় স্থান আৰু ডিব্ৰুগড় জিলাই তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হয়। স্বচ্ছতাৰ ক্ষেত্ৰত গোলাঘাট জিলাই প্ৰথম স্থান লাভ কৰাৰ বিপৰীতে কামৰূপ (মঃ) জিলাই দ্বিতীয় স্থান আৰু যোৰহাট জিলাই তৃতীয় স্থান দখল কৰিবলৈ সক্ষম হয়। ইউনিফৰ্মৰ ক্ষেত্ৰত শিৱসাগৰ জিলাই প্ৰথম, মাজুলী জিলাই দ্বিতীয় আৰু চৰাইদেউ জিলাই তৃতীয় স্থান দখল কৰিবলৈ সক্ষম হয়।
আজি পুৱাই পুৱাই সোণাপুৰত এক শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয়। এখন চাৰিচকীয়া বাহনে ৰখাই থোৱা এখন ট্রাকত খুন্দা মৰাৰ ফলত ৩ জন লোকৰ থিতাতে মৃত্যু হয়। চাওঁ আহক দিনটোৰ আন কেইটামান গুৰুত্বপূৰ্ণ খবৰ…