বন্ধু মোদীৰ ভাৰতৰ ওপৰত ট্ৰাম্পৰ শুল্ক আৰোপৰ পৰা ৰাজ্যিক সন্মানলৈ, চাওক দিনটোৰ খবৰ….

Apr 03, 2025 | 9:56 PM

বন্ধু মোদীৰ দেশ ভাৰতৰ ওপৰত শুল্ক আৰোপ কৰিছে আমেৰিকান ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। প্ৰধানমন্ত্ৰী মোদীৰ সৈতে বন্ধুত্বৰ কথা উল্লেখ কৰিও ট্ৰাম্পে ভাৰতৰ ওপৰত ২৬ শতাংশ শুল্ক আৰোপৰ সিদ্ধান্ত ঘোষণা কৰিছে ৷ ভাৰতৰ লগতে আন দেশসমূহৰ ওপৰতো শুল্ক আৰোপৰ সিদ্ধান্ত গ্ৰহণ কৰিছে মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে।

বন্ধু মোদীৰ দেশ ভাৰতৰ ওপৰত শুল্ক আৰোপ কৰিছে আমেৰিকান ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। প্ৰধানমন্ত্ৰী মোদীৰ সৈতে বন্ধুত্বৰ কথা উল্লেখ কৰিও ট্ৰাম্পে ভাৰতৰ ওপৰত ২৬ শতাংশ শুল্ক আৰোপৰ সিদ্ধান্ত ঘোষণা কৰিছে ৷ ভাৰতৰ লগতে আন দেশসমূহৰ ওপৰতো শুল্ক আৰোপৰ সিদ্ধান্ত গ্ৰহণ কৰিছে মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে। সৰ্বোচ্চ ৪৯ শতাংশ শুল্ক কম্বোডিয়াৰ ওপৰত আৰোপ কৰিছে ট্ৰাম্পে। অহা ৯ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব এই নতুন শুল্ক নীতি।

ইফালে আজি গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ৰাজ্যৰ সৰ্বোচ্চ অসামৰিক বঁটা প্ৰদান অনুষ্ঠান সম্পন্ন হয়। অৱসৰপ্ৰাপ্ত লেঃ জেনেৰেল ৰাণাপ্ৰতাপ কলিতালৈ শীৰ্ষ সন্মান অসম বৈভৱ বঁটা আগবঢ়োৱাৰ বিপৰীতে ৬ গৰাকী ব্যক্তিলৈ অসম সৌৰভ, ১৬ গৰাকী ব্যক্তি আৰু প্ৰতিষ্ঠানলৈ অসম গৌৰৱ বঁটা আগবঢ়োৱা হয়। চাওঁ আহক দিনটোৰ আন শীৰ্ষ খবৰসমূহ-