পাকিস্তান সমৰ্থনকাৰী ‘ভাৰতীয়’ক গ্ৰেপ্তাৰৰ পৰা পহলগাম আক্ৰমণত নিহতৰ পৰিয়ালক সাহায্যলৈ, চাওক দিনটোৰ খবৰ
কাশ্মীৰৰ পহলগামত সংঘটিত ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণে সমগ্ৰ দেশকে শোকাহত কৰি তুলিছে। ইফালে এই ঘটনাৰ পাছত পাকিস্তানৰ সমৰ্থনত সামাজিক মাধ্যমত মন্তব্য কৰি অসমত গ্ৰেপ্তাৰ হৈছে ছয়জন লোক। ধৃত এই লোকসকলৰ ভিতৰত আছে বিধায়ক আমিনুল ইছলামো।
কাশ্মীৰৰ পহলগামত সংঘটিত ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণে সমগ্ৰ দেশকে শোকাহত কৰি তুলিছে। ইফালে এই ঘটনাৰ পাছত পাকিস্তানৰ সমৰ্থনত সামাজিক মাধ্যমত মন্তব্য কৰি অসমত গ্ৰেপ্তাৰ হৈছে ছয়জন লোক। ধৃত এই লোকসকলৰ ভিতৰত আছে বিধায়ক আমিনুল ইছলামো। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যেই এনে পাক সমৰ্থনকাৰী মন্তব্য সন্দৰ্ভত কঠোৰ সকীয়নি প্ৰদান কৰিছিল। ইফালে পহলগাম আক্ৰমণত প্ৰাণ হেৰুওৱা সকলৰ পৰিয়াললৈ ৫ লাখকৈ টকাৰ এককালীন সাহায্য ঘোষণা কৰিছে অসম চৰকাৰে।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চৰকাৰৰ এই সিদ্ধান্তৰ বিষয়ে ঘোষণা কৰিছে। ইয়াৰ সমান্তৰালকৈ ভাৰত-বাংলাদেশ সীমান্তত চোকা নজৰ ৰখা বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। চাওঁ আহক দিনটোৰ আন কেতবোৰ গুৰুত্বপূৰ্ণ খবৰ..