শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
ছুনামিত দিশহাৰা হোৱা মীনাক উদ্ধাৰ কৰি জীৱন গঢ় দিলে এজন আইএএছ বিষয়াই!

ছুনামিত দিশহাৰা হোৱা মীনাক উদ্ধাৰ কৰি জীৱন গঢ় দিলে এজন আইএএছ বিষয়াই!

barasha-misra
Barasha Misra | Published: 06 Feb 2025 22:25 PM

মন জুৰোৱা এটি খবৰ ! এই খবৰ ভাইৰেল হৈ পৰিছে ছ'চিয়েল মিডিয়াত ! মানৱতাৰ নিদৰ্শন ডাঙি ধৰিছে এজন IAS বিষয়াই । ইয়াৰ বাবে আমি ২০ বছৰ পিছুৱাই যাব লাগিব । ২০০৪ চনৰ ভয়ংকৰ ছুনামিৰ কথা কোনেও কেতিয়াও পাহৰিব নোৱাৰে । এই ছুনামিত তামিলনাডুৰ এটা অঞ্চলত প্ৰাণহানি হৈছিল প্ৰায় ৬ হাজাৰ লোকৰ ।

ভাৰত মহাসাগৰৰ বিধ্বংসী ছুনামিয়ে তামিলনাডুৰ নাগাপট্টিনম জিলাত বিধ্বংসী ৰূপ ধাৰণ কৰিছিল । এই দুৰ্যোগৰ মাজতে সেই সময়ত নগাপট্টিনম জিলাৰ উপায়ুক্ত ডঃ জে ৰাধাকৃষ্ণনে ধ্বংসাৱশেষৰ কাষতে কান্দি থকা এজনী কণমানি ছোৱালীক উদ্ধাৰ কৰে । ছোৱালীজনীৰ নাম আছিল মীনা, ইয়াৰ পিছত ছোৱালীজনীক আন্নাই সত্য চৰকাৰী শিশু গৃহত ৰখা হৈছিল । অৱশ্যে ডঃ ৰাধাকৃষ্ণন আৰু তেওঁৰ পত্নী কৃতিকাই মীনাৰ যত্ন লৈছি আৰু ছোৱালীজনীক কেতিয়াও অকলশৰীয়া অনুভৱ কৰিবলৈ নিদিলে ।

মীনাই পঢ়া-শুনা কৰি এগৰাকী নাৰ্ছ হৈ পৰিল । এই যাত্ৰাত ডঃ ৰাধাকৃষ্ণনে সদায় তেওঁৰ লগত থিয় দিছিল । বদলিৰ পিছতো মীনাক পঢ়া-শুনা আৰু ভৱিষ্যত গঢ় দিয়াত সহায় কৰিছিল । যেতিয়া মীনাৰ বিয়াৰ সময় আহিলে তেতিয়া পিতৃৰ দৰে ডঃ ৰাধাকৃষ্ণনলৈ মনত পেলালে । এই কথা জানি IAS বিষয়াজনে নগাপট্টিনমলৈ আহি মীনাৰ বিবাহ সম্পন্ন কৰাৰ সিদ্ধান্ত ল’লে ।