ৰাজ্য চৰকাৰৰ সৈতে টাটা গ্ৰুপৰ চুক্তি, ওলাব বহু চাকৰি
যুৱক-যুৱতীসকলৰ বাবে নিয়োগৰ ক্ষেত্ৰত এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিবলৈ আগবাঢ়িছে দেশৰ আগশাৰীৰ ব্যৱসায়িক গোট টাটা গ্ৰুপে। ৰাজ্য চৰকাৰৰ সৈতে চুক্তি স্বাক্ষৰ কৰি টাটা গ্ৰুপে মুকলি কৰিছে সম্ভাৱ্য নিযুক্তিৰ দুৱাৰ।
যুৱক-যুৱতীসকলৰ বাবে নিয়োগৰ ক্ষেত্ৰত এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিবলৈ আগবাঢ়িছে দেশৰ আগশাৰীৰ ব্যৱসায়িক গোট টাটা গ্ৰুপে। ৰাজ্য চৰকাৰৰ সৈতে চুক্তি স্বাক্ষৰ কৰি টাটা গ্ৰুপে মুকলি কৰিছে সম্ভাৱ্য নিযুক্তিৰ দুৱাৰ। অৱশ্যে অসমত নহয়, চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাৰ মাণিক সাহা চৰকাৰৰ সৈতেহে এই চুক্তি স্বাক্ষৰ কৰিছে টাটা গ্ৰুপে। ইতিমধ্যে মুখ্যমন্ত্ৰী মাণিক সাহাই এই বিষয়ে ঘোষণা কৰিছে। শুকুৰবাৰে ত্ৰিপুৰা চৰকাৰৰ সৈতে বুজাবুজি চুক্তি স্বাক্ষৰ কৰে টাটা গ্ৰুপৰ অধীনস্থ প্ৰতিষ্ঠান ইণ্ডিয়ান হোটেলছ কোম্পানী লিমিটেডে। এই চুক্তিৰ জৰিয়তে ইণ্ডিয়ান হোটেলছ কোম্পানী লিমিটেডে আগৰতলাস্থিত অৱস্থিত শতিকা পুৰণি ‘পুষ্পৱন্ত প্ৰসাদ’ নতুন ৰূপত সজাই তুলিব।
প্ৰকাশিত খবৰ অনুসৰি, টাটা গ্ৰুপে ৰাজপ্ৰসাদটো নৱনিৰ্মাণ কৰি পঞ্চ তাৰকাযুক্ত হোটেললৈ ৰূপান্তৰিত কৰিব। টাটা গোটৰ সৈতে স্বাক্ষৰিত এই চুক্তিৰ ফলত ভৱিষ্যতে সমগ্ৰ ৰাজ্যখনেই উপকৃত হ’ব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী মাণিক সাহাই।