ক্ৰিকেটৰ কমেন্ট্ৰেৰীত শ্বায়েৰীৰ ছন্দ, নভজোত সিদ্ধুৰ ব্য়তিক্ৰমী শৈলীক আপুনি পছন্দ কৰেনে?
এসমত বহুতেই খেলৰ ধাৰাভাষ্য শুনিছিল । সেই ধাৰাভাষ্য শুনিলে চকুৰ আগত ভাঁহি উঠিছিল মেচৰ দৃশ্য । সময়ৰ লগে লগে সলনি হৈছে মাধ্যম । ড্ৰয়িং ৰূমত টেলিভিশনতেই খেল উপভোগ কৰে অনেকেই । শুনে ধাৰাভাষ্যও । নানা তথ্য জানিব পাৰি ।
দীৰ্ঘদিন ধৰি ভাৰতীয় ক্ৰিকেটৰ কমেন্টেৰী কৰি আহিছে সিদ্ধুৱে । মাজতে অৱশ্যে আঁতৰি গৈছিল । সেই বিষয়ে এতিয়া নাপাতো বাৰু । বিৰতিৰ পাছত কমেন্টেৰী বক্সলৈ ঘূৰি আহোতেও তেওঁৰ শৈলী সলনি হোৱা নাছিল । বৰঞ্চ ক্ৰিকেটাৰ এজনে যেনেকৈ নিজৰ খেলত বৈচিত্ৰ্য আনে, তেনেকৈ সিদ্ধুৱে ধাৰাভাষ্যত নিজৰ নাম উজলাবলৈ চেষ্টা কৰে । এয়া সকলোৱে ভাল পায় বুলি ক’ব নোৱাৰি । বহুতে এতিয়াও ইংৰাজী ধাৰাভাষ্যৰ সৈতে অধিক অভ্যস্ত । বহুতে অৱশ্যে সুযোগ পালে নিজৰ ভাষাত ধাৰাভাষ্য শুনে ।
ধৰি লওক অভাৰ শেষ । আন কিছুমানে হয়তো ক’ব, “এই অভাৰ শেষ, বা এই বলাৰৰ স্পেল শেষ, মই বিৰতিৰ পিছত ঘূৰি আহিম!” কিন্তু সিদ্ধুৰ ক্ষেত্ৰত অভাৰৰ শেষত সেই ‘খাট্টাক’ শুনিলে হাঁহি উঠে দৰ্শকৰ । প্ৰথমবাৰৰ বাবে শুনি কোনোবাই হয়তো ভাবিছিল যে সেইটো বন্দুকৰ গুলীৰ শব্দ নে দুৱাৰ বন্ধ হোৱাৰ শব্দ! এয়া মাত্ৰ এটা উদাহৰণ । তেওঁ ধাৰাভাষ্যকো কবিতাৰ স্তৰলৈ লৈ গৈছে । তেওঁ খেলৰ পৰিস্থিতি ছন্দৰে বৰ্ণনা কৰে । ক্ৰিকেট কমেণ্ট্ৰী নে কোনো অডিঅ’ ষ্ট’ৰী অনুষ্ঠান কেতিয়াবা ধৰিবই নোৱাৰিব ।
ট্ৰেণ্ডত থাকিব লাগিব… সেইটোৱেই নিয়ম! সিদ্ধুৰ লগত খোজ মিলাবলৈ বাকীবোৰো যেন শ্বায়েৰ হৈ পৰিছে । যিটো বহু ক্ৰিকেট অনুৰাগীৰ বাবেও বিৰক্তিৰ উৎস হৈ পৰিছে । বহুতে ছ’চিয়েল মিডিয়াত ব’ৰ্ডলৈ বাৰ্তা প্ৰেৰণো কৰিছে । ক্ৰিকেটৰ পৰা গুৰুত্ব আঁতৰাই অনাৰ লগতে কবিতাৰ সমাৱেশ অনুষ্ঠিত হোৱাৰ অভিযোগো উত্থাপন হৈছে । ছচিয়েল মিডিয়াত বিয়পি পৰিছে বিভিন্ন মিম । কিন্তু সেই ‘খাট্টাক’! আলোচনা হওক বা সমালোচনা হওক, সিদ্ধুৰ শব্দতো সকলোৰে ওঁঠত ওলায় ।