Union Budget 2025: নিম্নগামী হ’ব শ্বেয়াৰ বজাৰ-বিশেষজ্ঞৰ ভৱিষ্যদ্বাণী

Published: 

01 Feb 2025 23:02 PM

যোৱা কিছুদিন ধৰি থৰকবৰক অৱস্থা শ্বেয়াৰ বজাৰৰ । ক্ৰমশঃ নিম্নগামী হৈছে শ্বেয়াৰ বজাৰ । সেই নিম্নগতিক তৰান্বতি কৰিছে একাধিক ঘটনাই । ইয়াৰ ভিতৰত অন্যতম ভাৰতৰ জিডিপি হ্ৰাস, আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ আসনলৈ ট্ৰাম্পৰ প্ৰত্যাৱৰ্তন, আমেৰিকাৰ ফেডাৰেল বেংকৰ ৰেট কাট আৰু চীনা আৰ্টিফিচিয়েল ইন্টেলিজেঞ্চ ডিপছেকৰ উত্থান ।

শ্বেয়াৰ বজাৰৰ অৱনতি মাথোঁ আৰম্ভণিহে। ফেব্ৰুৱাৰী মাহত শ্বেয়াৰ বজাৰখন থানবান হ’বলৈ গৈ আছে । অৱশ্যে এই হ্ৰাস ভাৰতীয় বজাৰৰ বাবে নহয় । ৱাল ষ্ট্ৰীটৰ পৰা দালাল ষ্ট্ৰীটলৈকে বিয়পি পৰিব এই হাহাকাৰ অৱস্থা । এজন বিশেষজ্ঞই ভৱিষ্যদ্বাণী এয়া । সূত্ৰ অনুসৰি ৰিচ ডেড প’ৰ ডেড নামৰ গ্ৰন্থৰ লেখক ৰবাৰ্ট কিয়োছাকিয়ে কৰিছিল এই ভৱিষ্যদ্বাণী।

সূত্ৰ অনুসৰি শেহতীয়াকৈ তেওঁ সতৰ্কবাণী জাৰি কৰিছে বিনিয়োগকাৰীক । তেওঁ কয় যে ২০২৫ চনৰ ফেব্ৰুৱাৰী মাহত বজাৰখন থানবান হ’ব সম্পূৰ্ণৰূপে । এইটোৱেই হ’ব শ্বেয়াৰ বজাৰৰ ইতিহাসত আটাইতকৈ ডাঙৰ বিপৰ্যয় । বজাৰত ইমান ডাঙৰ অৱনতি আগতে কেতিয়াও দেখা পোৱা নাছিল । ফলত তেওঁৰ ভৱিষ্যদ্বাণী অনুসৰি এইবাৰ আটাইতকৈ কঠিন পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হৈছে বিনিয়োগকাৰীসকলে ।