শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
Share Market News: আজিৰ শ্বেয়াৰ বজাৰৰ খবৰ

Share Market News: আজিৰ শ্বেয়াৰ বজাৰৰ খবৰ

barasha-misra
Barasha Misra | Published: 05 Mar 2025 22:14 PM

আজি দেশৰ শ্বেয়াৰ বজাৰৰ প্ৰায় সকলো সূচকেই ঊৰ্ধগামী হৈছে । ৩ শতাংশতকৈও অধিক বৃদ্ধি পাইছে নিফটি মিডকেপ ছিলেক্ট । ২.৫৪ শতাংশ বৃদ্ধি পায় নিফটি নেক্সট ফিফটি । ২.৮০ শতাংশ বৃদ্ধি পায় বিএছই স্মলকেপ সূচক । বজাৰৰ এই

অৱশেষত আংশিক স্বস্তি । প্ৰচণ্ড গৰমৰ মাজত এজাক বৰষুণে মানুহক যিদৰে প্ৰশান্তি দিয়ে, আজি ঠিক তেনেদৰেই স্বস্তি পালে বিনিয়োগকাৰীসকলে । প্ৰায় ২৮ দিনৰ পাছত পৰিৱেশ সলনি হ’ল ভাৰতীয় বজাৰৰ । ২৫০ পইন্ট বৃদ্ধি পালে নিফটি ফিফটি । আনহাতে ৭৪০ পইন্ট বৃদ্ধি পালে শ্বেয়াৰ বজাৰৰ আন এক মুখ্য সূচক ছেনছেক্স ।

আজি দেশৰ শ্বেয়াৰ বজাৰৰ প্ৰায় সকলো সূচকেই ঊৰ্ধগামী হৈছে । ৩ শতাংশতকৈও অধিক বৃদ্ধি পাইছে নিফটি মিডকেপ ছিলেক্ট । ২.৫৪ শতাংশ বৃদ্ধি পায় নিফটি নেক্সট ফিফটি । ২.৮০ শতাংশ বৃদ্ধি পায় বিএছই স্মলকেপ সূচক । বজাৰৰ এই

ঊৰ্ধগতিয়ে হাঁহি বিৰিঙাইছে বিনিয়োগকাৰীৰ মুখত ।

ভাৰতৰ বজাৰৰ আংশিক উত্থান হ’লেও কিন্তু বিনিয়োগকাৰীক নিৰাশ কৰা নাই চীন, জাপান বা জাৰ্মানীৰ দৰে বিদেশী ৰাষ্ট্ৰৰ বজাৰে । আজি চীনা সূচক হেংছেং, জাপানী সূচক নিক্কেই আৰু জাৰ্মানীৰ সূচক ডেক্সৰো উত্থান দেখা যায় ।