দিনটোৰ গুৰুত্বপূৰ্ণ খবৰবোৰ জানেনে, এই মুহূৰ্ততে চাওক ভিডিঅ’যোগে
ৰাজ্যৰ সকলো জাতি জনগোষ্ঠী সামৰি ১ কোটি লোকে একে সময়তে পৰিৱেশন কৰিব অ’ মোৰ অপোনাৰ দেশ । আজি বিধানসভাত এই ঘোষণা মুখ্য়মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ । ইয়াৰ লগতে চাওঁ আহক দিনটোৰ আন কেইটামান গুৰুত্বপূৰ্ণ খবৰ ।
এইবাৰ ১ কোটি লোকে পৰিৱেশন কৰিব অসমৰ জাতীয় সংগীত অ’ মোৰ অপোনাৰ দেশ । আজি বিধানসভাত এই ঘোষণা মুখ্য়মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ । ৰাজ্যৰ সকলো জাতি জনগোষ্ঠী সামৰি ১ কোটি লোকে একে সময়তে পৰিৱেশন কৰিব অ’ মোৰ অপোনাৰ দেশ । জাতীয় ঐক্যক শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব মুখ্য়মন্ত্ৰীৰ ।
ইফালে বিশ্বৰ ২০খন প্ৰদূষিত চহৰৰ তালিকাত অন্তৰ্ভুক্ত ভাৰতৰ তেৰখন চহৰ । ছুইজাৰলেণ্ডৰ বায়ুৰ গুণাগুণ প্ৰযুক্তি কোম্পানী IQAir ৰ প্ৰতিবেদনত প্ৰকাশ পাইছে এই তালিকা । বিশ্বৰ ভিতৰতেই সৰ্বাধিক প্ৰদূষিত চহৰ অসম-মেঘালয় সীমান্তৰ বৰ্ণিহাট । সৰ্বাধিক প্ৰদূষিত ৰাজধানী চহৰ দিল্লী । প্ৰদূষিত দেশ হিচাপে বিশ্বৰ ভিতৰত ভাৰতৰ স্থান পঞ্চম । ইয়াৰ লগতে চাওঁ আহক দিনটোৰ আন কেইটামান গুৰুত্বপূৰ্ণ খবৰ ।