চৰকাৰে আনি আছে নতুন আঁচনি! দেশৰ সকলো নাগৰিকে পাব ধন…
দেশৰ সকলো নাগৰিকৰ বাবে নতুন পেঞ্চন আঁচনি অনাৰ প্ৰস্তুতি চলাইছে নৰেন্দ্ৰ মোদীৰ চৰকাৰে। সূত্ৰ অনুসৰি জানিব পৰা মতে এই পেঞ্চন আঁচনিখনৰ নাম হ'ব ইউনিভাৰ্ছেল পেঞ্চন আঁচনি।
কেন্দ্ৰৰ এক ডাঙৰ পদক্ষেপ। দেশৰ সকলো নাগৰিকৰ বাবে নতুন পেঞ্চন আঁচনি অনাৰ প্ৰস্তুতি চলাইছে নৰেন্দ্ৰ মোদীৰ চৰকাৰে। সূত্ৰ অনুসৰি জানিব পৰা মতে এই পেঞ্চন আঁচনিখনৰ নাম হ’ব ইউনিভাৰ্ছেল পেঞ্চন আঁচনি। দেশৰ সকলো নাগৰিকক বৃদ্ধাৱস্থাত আৰ্থিক সহায় প্ৰদান কৰা এই আঁচনিৰ মূল উদ্দেশ্য। এই আঁচনিৰ অধীনত চৰকাৰী আৰু ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ পৰা আৰম্ভ কৰি ঠিকাভিত্তিক শ্ৰমিক, ঘৰুৱা সহায়ক, গিগ কৰ্মী আদি সকলোকে সামৰি লোৱা। এই কথা সদৰি কৰিছে শ্ৰম মন্ত্ৰালয়ে।