UPI Transaction Guidelines: ১ এপ্ৰিলৰ পৰা কৰিব নোৱাৰিব UPI লেনদেন
কিছুমান বিশেষ নম্বৰৰ পৰা কৰিব নোৱাৰিব UPI লেনদেন । ইতিমধ্যে বেংক আৰু পেমেণ্ট সেৱা প্ৰদানকাৰীক এই নম্বৰ সমূহত সেৱা স্থগিত ৰাখিবলৈ নিৰ্দেশ দিছে NPCI (National Payments Corporation of India) য়ে।
১ এপ্ৰিলৰ পৰা কিছুমান বিশেষ নম্বৰৰ পৰা কৰিব নোৱাৰিব UPI লেনদেন । ইতিমধ্যে বেংক আৰু পেমেণ্ট সেৱা প্ৰদানকাৰীক এই নম্বৰ সমূহত সেৱা স্থগিত ৰাখিবলৈ নিৰ্দেশ দিছে NPCI (National Payments Corporation of India) য়ে। NPCIয়ে জনোৱা মতে, যিবোৰ নম্বৰ নিষ্ক্ৰিয় বা ৰি-এছাইন কৰা হৈছে, তেনে নম্বৰৰ জৰিয়তে ১ এপ্ৰিলৰ পৰা কৰিব নোৱাৰিব UPI লেনদেন ।
কোৱা হৈছে যে, অকৰ্তৃত্বশীল লেনদেন ৰোধৰ বাবে আৰু জালিয়াতি ৰোধৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে। বেংক আৰু পেমেণ্ট সেৱা প্ৰদানকাৰীসকলক নিষ্ক্ৰিয় আৰু ৰি-এছাইন দিয়া নম্বৰসমূহ ডি-লিংক কৰিবলৈ কোৱা হৈছে। যদি গ্ৰাহকে তেওঁলোকৰ ইউপিআই লেনদেন সক্ৰিয় কৰি ৰাখিব বিচাৰে, তেন্তে তেওঁলোকে ইউপিআই ৰেজিষ্টাৰ নম্বৰ সক্ৰিয় হৈ থকাটো নিশ্চিত কৰিব লাগিব।