শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
পুনৰ শুল্ক বৃদ্ধি! চীনৰ ওপৰত ২৪৫ শতাংশ শুল্ক আৰোপ আমেৰিকাৰ...

পুনৰ শুল্ক বৃদ্ধি! চীনৰ ওপৰত ২৪৫ শতাংশ শুল্ক আৰোপ আমেৰিকাৰ…

barasha-sarma
Barasha Sarma | Published: 17 Apr 2025 17:49 PM

চীন আৰু আমেৰিকাৰ মাজৰ শুল্ক যুদ্ধ অব্যাহত আছে। শেহতীয়াকৈ পুনৰ আমেৰিকাই চীনৰ ওপৰত শুল্ক বৃদ্ধি কৰিছে। আমেৰিকাই চীনত ২৪৫ শতাংশ শুল্ক আৰোপ কৰিছে।

চীনৰ ওপৰত ট্ৰাম্পে পুনৰ শুল্ক বৃদ্ধি কৰিছে। শেহতীয়াকৈ পোহৰলৈ অহা তথ্য অনুসৰি,  চীনৰ ওপৰত ২৪৫ শতাংশ শুল্ক আৰোপ কৰিছে ট্ৰাম্পে। পুনৰ ১০০ শতাংশ কৰ বৃদ্ধি কৰিলে আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে। এই শুল্ক প্ৰথমে ভুল হ’ব পাৰে বুলি সন্দেহ কৰা হৈছিল, একাংশই কৈছিল যে এয়া টাইপিং মিছটেক। কিন্তু এয়া ভুল নহয়। পুনৰ চীনৰ ক্ষেত্ৰত শুল্ক বৃদ্ধি কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে। ইয়াৰ পাছতে দুয়োখন দেশৰ শুল্ক যুদ্ধ চৰম পৰ্যায় পাইছেগৈ।