শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
ইউনুছৰ বৈঠক, ২৫১ কোটি টকাৰ আৰ্থিক সাহাৰ্য বন্ধ কৰিলে আমেৰিকাই

ইউনুছৰ বৈঠক, ২৫১ কোটি টকাৰ আৰ্থিক সাহাৰ্য বন্ধ কৰিলে আমেৰিকাই

manas-borah
Manas Borah | Updated On: 17 Feb 2025 21:27 PM

বাংলাদেশৰ বাবে আগবঢ়োৱা আৰ্থিক সাহায্য কৰ্তন কৰিছে আমেৰিকাৰ চৰকাৰী দক্ষতা বিভাগে । ইলন মাস্ক মূল দায়িত্বত থকা আমেৰিকাৰ এই বিভাগটোৱে এখন তালিকা প্ৰকাশ কৰিছে। এই তালিকাত অনুদান কৰ্তন কৰা দেশসমূহৰ নাম উল্লেখ কৰিছে আমেৰিকাই ।

আমেৰিকাই আৰ্থিক সাহাৰ্য কৰ্তনৰ পাছতে দেশখনৰ সহায়ৰ প্ৰয়োজনীয়তাক অনুভৱ কৰিছে বাংলাদেশে । দেওবাৰে দিনটোত আমেৰিকাৰ উদ্যোগপতি আৰু চৰকাৰী দক্ষতা বিভাগৰ(USA Department of Government Efficiency) মুৰব্বীৰে বৈঠকত মিলিত হৈছিল মহম্মদ ইউনুছ ।

ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে এই বৈঠক অনুষ্ঠিত কৰিছিল বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী মহম্মদ ইউনুছে । এই বৈঠকত দেশৰ ইণ্টাৰনেট সেৱাকে ধৰি কেইবাটাও দিশৰ উন্নয়ন সন্দৰ্ভত আলোচনা হৈছিল বুলি খবৰ প্ৰকাশ পাইছে ।

কিন্তু এই বৈঠকৰ ২৪ ঘণ্টাৰ আগতেই বাংলাদেশৰ বাবে আগবঢ়োৱা আৰ্থিক সাহায্য কৰ্তন কৰিছিল আমেৰিকাৰ চৰকাৰী দক্ষতা বিভাগে । ইলন মাস্ক মূল দায়িত্বত থকা আমেৰিকাৰ এই বিভাগটোৱে এখন তালিকা প্ৰকাশ কৰিছে। এই তালিকাত অনুদান কৰ্তন কৰা দেশসমূহৰ নাম উল্লেখ কৰিছে আমেৰিকাই । এই তালিকাত উল্লেখ কৰা দেশসমূহৰ ভিতৰত আছে বাংলাদেশ ।