মসৃণ নাছিল পথ! তৃতীয় পছন্দৰ স্পিনাৰগৰাকী আজি দিল্লী কেপিটেলছৰ অধিনায়ক
কঠোৰ পৰিশ্ৰমৰ জৰিয়তে অক্ষৰে আজিৰ স্থানত উপনীত হৈছে । এই পথটো একেবাৰে মসৃণ নাছিল । ক্ৰিকেট জগতত অক্ষৰক এসময়ত বহুলভাৱে ‘ৰবীন্দ্ৰ জাদেজাৰ ছাঁ’ বুলি অভিহিত কৰা হৈছিল । তাৰ পৰা তেওঁ ওলাই আহিছিল নিজৰ দক্ষতা প্ৰমাণ কৰি ।
বাপুৰ ওপৰত বিশ্বাস ৰাখক… দিল্লী কেপিটেলছৰ নেতৃত্ব লোৱাৰ পিছত এই বাৰ্তা আছিল অক্ষৰ পেটেলৰ । ৭ বছৰ দিল্লীৰ সংগী তেওঁ । শেহতীয়াকৈ তেওঁ ভাৰতৰ হৈ চেম্পিয়নছ ট্ৰফী জয়ৰ অংশ আছিল অক্ষৰ পেটেল । তাৰ পিছত আই পি এলৰ অন্যতম জনপ্ৰিয় ফ্ৰেঞ্চাইজীৰ নেতৃত্ব দিয়াৰ দায়িত্ব অক্ষৰৰ ওপৰত পৰিল । এসময়ত তেওঁক বেকআপ প্লেয়াৰ হিচাপে তালিকাভুক্ত কৰা হৈছিল । তাৰ পৰাই তেওঁ ভাৰতীয় দলত নিজৰ স্থান সুদৃঢ় কৰি তুলিলে । কেৱল সেয়াই নহয়, তেওঁ নিজৰ আই পি এল দলৰ আস্থাও লাভ কৰিছে । সেইবাবেই দিল্লীয়ে অক্ষৰক অধিনায়ক হিচাপে দায়িত্ব দিয়াৰ লগতে তেওঁৰ ওপৰত আস্থা ৰাখিছে । অৱশ্যে দলটোত কে এল ৰাহুলৰ দৰে খেলুৱৈও আছে, যাৰ নেতৃত্ব দিয়াৰ অভিজ্ঞতাও আছে ।
এটা সময়ত অক্ষৰক টীম ইণ্ডিয়াৰ তৃতীয় পছন্দৰ স্পিনাৰ হিচাপে গণ্য কৰা হৈছিল । অৰ্থাৎ যেতিয়া এজন স্পিনাৰ আঘাতপ্ৰাপ্ত হৈছিল, তেতিয়া অক্ষৰে সুযোগ পাইছিল । ইয়াৰ পিছত ক্ৰমান্বয়ে ৰোহিত-গম্ভীৰৰ বাবে বিশ্বাসযোগ্য ব্যক্তি হৈ পৰিল । পিছলৈ ঘূৰি চালে দেখা যায় যে আগতে তেওঁক সাত-আঠ নম্বৰত বেটিং কৰিবলৈ পঠিওৱা হৈছিল । এতিয়া ছবিখন সলনি হৈছে । এতিয়া ৰাহুল আৰু জাদেজাৰ আগতেও তেওঁক বেটিং কৰিবলৈ পঠিওৱা হয় ।
কঠোৰ পৰিশ্ৰমৰ জৰিয়তে অক্ষৰে এই স্থানত উপনীত হৈছে । এই পথটো একেবাৰে মসৃণ নাছিল । ক্ৰিকেট জগতত অক্ষৰক এসময়ত বহুলভাৱে ‘ৰবীন্দ্ৰ জাদেজাৰ ছাঁ’ বুলি অভিহিত কৰা হৈছিল । তাৰ পৰা তেওঁ ওলাই আহিছিল নিজৰ দক্ষতা প্ৰমাণ কৰি । প্ৰমোচনো বেটিং ক্ৰমৰ লগত মিল খায় । পাঁচ নম্বৰত ধাৰাবাহিকভাৱে বেটিং কৰি তেওঁ ক্ৰমান্বয়ে সফলতাৰ সোৱাদ ল’লে । ভাৰতৰ মুখ্য প্ৰশিক্ষক গম্ভীৰৰ পৰা আৰম্ভ কৰি অধিনায়ক ৰোহিতলৈকে সকলোকে নিজৰ পক্ষত ৰাখিছে অক্ষৰে ।
সকলো বাধা অতিক্ৰম কৰি বাপুৱে এতিয়া নতুন প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে । দিল্লীয়ে কেতিয়াও আই পি এলৰ ট্ৰফী লাভ কৰা নাই । ২০২০ চনত মুম্বাই ইণ্ডিয়ানছৰ হাতত পৰাস্ত হৈ দিল্লীয়ে ৰানাৰ্ছ আপ হিচাপে অভিযানৰ অন্ত পেলায় । মেগা নিলামৰ পূৰ্বে দিল্লীয়ে ঋষভ পণ্টক ধৰি ৰখা নাছিল । নিলামৰ পৰ্যায়ত ব্যৱহাৰ কৰা হৈছিল আৰ টি এম । কিন্তু দিল্লীয়ে দামৰ সৈতে মোকাবিলা কৰিব নোৱাৰিলে । ফলত পণ্টে নিজৰ দখল হেৰুৱালে । নিলামৰ পূৰ্বে লক্ষ্ণৌ এৰিছিল কে এল ৰাহুলে । দিল্লীয়ে জেদ্দাত নিলামত কিনিছিল । অধিনায়ক হিচাপে তেওঁ আছিল প্ৰথম পছন্দ । লগত আছিল অক্ষৰ । কিন্তু নেতৃত্বৰ দায়িত্ব ল’ব বিচৰা নাছিল ৰাহুলে । গতিকে বাপুৰ ওপৰতেই এতিয়া আস্থা ।
দিল্লীৰ হাফ কেপ্টেইন নেকি অক্ষৰ ? তেনেকৈ কোৱাৰ কাৰণ ? দৰাচলতে দিল্লীয়ে ফাফ ডু প্লেছিছক সহঅধিনায়কৰ দায়িত্ব দিছে । তেওঁৰ অভিজ্ঞতাৰ ভঁৰালটো টনকিয়াল । আই পি এলতো তেওঁ নেতৃত্ব দিছে । ফলত তেওঁৰ পৰা বাপুৱে শিকিবই নহয়, চাপো অনুভৱ কৰিব । সামগ্ৰিকভাৱে তেওঁ এই নতুন প্ৰত্যাহ্বান অতিক্ৰম কৰিব পাৰিবনে নাই সেয়া হ’ব লক্ষণীয় ।