ক্ৰিকেটতেই নহয়, প্ৰেমতো টি-২০ খেলিলে ৰাছেলে
আই পি এলত কলকাতাৰ প্ৰতি ৰাছেলৰ যি এই আস্থা আৰু বিশ্বাস, সেয়া দেখা যায় তেওঁৰ ব্যক্তিগত জীৱনতো। ৰাছেলৰ প্ৰেম কাহিনীয়ে আকৰ্ষিত কৰিব যিকোনো লোককে। ক্ৰিকেটত ৰাছেলৰ যিদৰে টি-২০ ফৰ্মেট অধিক প্ৰিয়, ব্যক্তিগত জীৱনতো যেন টি-২০তেই অভ্যস্ত তেওঁ। ৰাছেলৰ প্ৰেম কাহিনীয়ে দিয়ে তাৰেই আভাস। চাওঁ আহক এই বিষয়ে...
ক্ৰিকেটৰ খবৰ ৰখা প্ৰতিজন লোকৰ বাবেই চিনাকি মুখ ৱেষ্ট ইণ্ডিজৰ তাৰকা ক্ৰিকেটাৰ আন্দ্ৰে ৰাছেল। বিশ্বৰ আটাইতকৈ জনপ্ৰিয় ফ্ৰেঞ্চাইজী টুৰ্ণামেন্ট আই পি এলত প্ৰায় এটা যুগ ধৰি খেলি আহিছে ৰাছেলে। প্ৰতিযোগিতাখনত ৰাছেলে দীৰ্ঘসময় ধৰি প্ৰতিনিধিত্ব কৰিছে তিনিবাৰকৈ খিতাপজয়ী কলকাতা নাইট ৰাইডাৰ্ছক। দলটোৰ বহু যুঁজৰ নায়ক হিচাপে তেওঁ একপ্ৰকাৰে দলৰ কিংবদন্তি অলৰাউণ্ডাৰত পৰিণত হৈছে। এক কথাত ৰাছেল এতিয়া কেকেআৰ দল আৰু সমৰ্থক, সকলোৰে নয়ণৰ মণি। এই বিশ্বাসক মূল্য দিছে ৰাছেলেও আৰু সেয়ে এতিয়াও তেওঁ এৰি যোৱা নাই কেকেআৰ।
আই পি এলত কলকাতাৰ প্ৰতি ৰাছেলৰ যি এই আস্থা আৰু বিশ্বাস, সেয়া দেখা যায় তেওঁৰ ব্যক্তিগত জীৱনতো। ৰাছেলৰ প্ৰেম কাহিনীয়ে আকৰ্ষিত কৰিব যিকোনো লোককে। ক্ৰিকেটত ৰাছেলৰ যিদৰে টি-২০ ফৰ্মেট অধিক প্ৰিয়, ব্যক্তিগত জীৱনতো যেন টি-২০তেই অভ্যস্ত তেওঁ। ৰাছেলৰ প্ৰেম কাহিনীয়ে দিয়ে তাৰেই আভাস। চাওঁ আহক এই বিষয়ে…