Bangladesh News: একেলগে ঢাকা এৰিলে লাখ লাখ লোকে, ইয়াৰ কাৰণ কি ?
সম্প্ৰতি বাংলাদেশৰ ৰাজধানী ঢাকাত দেখা গৈছে আন এক বিপৰীত ছবি। হঠাৎ ঢাকা এৰিবলৈ আৰম্ভ কৰিছে লাখ লাখ লোকে। শুকুৰবাৰে দেখা গ’ল এই ছবিখন।
ডেংগুৰ প্ৰাদুৰ্ভাৱ নে ঈদৰ ছুটী !একেলগে ঢাকা এৰিলে লাখ লাখ লোকে । ইয়াৰ কাৰণ কি ? অভ্যুত্থানৰ পাছতে বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ দায়িত্ব লয় মহম্মদ ইউনুছে । ইউনুছে দেশখনৰ অন্তৱৰ্তীকালীন চৰকাৰৰ উপদেষ্টা হিচাপে নিযুক্তি লাভ কৰে। অৱশ্যে তেতিয়াৰ পৰা বিতৰ্কৰ পৰা হাত সাৰিব পৰা নাই মহম্মদ ইউনুছ । সম্প্ৰতি বাংলাদেশৰ ৰাজধানী ঢাকাত দেখা গৈছে আন এক বিপৰীত ছবি। হঠাৎ ঢাকা এৰিবলৈ আৰম্ভ কৰিছে লাখ লাখ লোকে। শুকুৰবাৰে দেখা গ’ল এই ছবিখন।
এইলৈ আনকি আচৰিত হয় বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰ। উল্লেখ্য যে, চুবুৰীয়া দেশখনক সুস্থিৰ কৰাৰ চেষ্টা অব্যাহত ৰাখিছে চৰকাৰখন মুখ্য উপদেষ্টা ইউনুছে। কিন্তু এই ক্ষেত্ৰত এতিয়াও সফল হ’ব পৰা নাই । আনকি প্ৰকাশিত খবৰ অনুসৰি, চীনৰ পৰাও সহায় বিচাৰিবলগীয়া হৈছে দেশখনে ।
বাংলাদেশৰ কাকত দ্য ডেইলি ষ্টাৰত প্ৰকাশিত এক বাতৰি অনুসৰি, ইউনুছ চৰকাৰে চলিত বৰ্ষৰ ঈদৰ বাবে ঘোষণা কৰিছে ৯ দিনীয়া বন্ধ। সেইবাবেই বহুতে নিজ নিজ গাঁৱলৈ উভতিবলৈ আৰম্ভ কৰিছে। এই বন্ধ ঘোষণা কৰাৰ পাছতে ঢাকা ৰে’লৱে ষ্টেচনত দেখা যায় সাংঘাতিক ধৰণৰ জনসমাগম । যাৰ বাবে চিন্তাত পৰে প্ৰশাসনিক বিষয়াসকল । দেখা গৈছিল যে, ৰে’লৰ ওপৰত বহিও যাত্ৰা কৰিবলগীয়া হৈছি যাত্ৰীসকলে । উল্লেখ কৰিব লাগিব যে, বাংলাদেশত ৬ এপ্ৰিললৈকে ঈদৰ বন্ধ ঘোষণা কৰা হৈছে ।