কলিমা কি? কিয় পহলগামত সন্ত্ৰাসবাদীয়ে কলিমা পাঠ কৰিব দিছিল?
কলিমা পাঠ কৰাৰ অৰ্থ হৈছে আল্লাহৰ ইবাদত বিশেষ ধৰণে কৰা । “লা ইলাহা ইল্লাল্লাহ, মহম্মদৰ ৰছুলুল্লাহ” – অৰ্থাৎ আল্লাহৰ বাহিৰে আন কোনো ভগৱান নাই ।
২২ তাৰিখে জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত ২৬ জন পৰ্যটকৰ প্ৰাণহানি হয় । সেইদিনা হাতত প্ৰাণ লৈ ঘৰলৈ উভতি অহা বহু পৰ্যটকে কয় যে আক্ৰমণকাৰীয়ে তেওঁলোকৰ ধৰ্মীয় পৰিচয় জানিব বিচাৰিছিল । তেতিয়াই আৰম্ভ হ’ল আক্ৰমণ । কিছুমানক কলিমা পাঠ কৰিবলৈও কোৱা হৈছিল । কিন্তু এই কলিমা কি?
কলিমা পাঠ কৰাৰ অৰ্থ হৈছে আল্লাহৰ ইবাদত বিশেষ ধৰণে কৰা । “লা ইলাহা ইল্লাল্লাহ, মহম্মদৰ ৰছুলুল্লাহ” – অৰ্থাৎ আল্লাহৰ বাহিৰে আন কোনো ভগৱান নাই । কেৱল আল্লাহকহে ইবাদত কৰা উচিত । হজৰত মহম্মদ আল্লাহৰ ৰছুল । তেওঁৱেই আমাৰ ওচৰলৈ ঈশ্বৰৰ বাৰ্তা প্ৰেৰণ কৰে । নাখোদা মছজিদৰ ইমাম মৌলানা মহম্মদ শ্বফিক কাছমীয়ে কয়, “কাৰোবাক ইছলাম ধৰ্ম গ্ৰহণ কৰাবলৈ কলিমা পাঠ কৰিব লাগে । কলিমা পাঠ কৰিলে মন শান্ত হয় । ‘গুণাহ’ বা পাপ মোচন হয় । মুছলমানৰ বাবে ই অতি পবিত্ৰ ।”
Latest Videos

টি-২০ ত ৪০০ পাৰ, ধোনীৰ আগে-পাছে কোন কোন আছে এই মাইলৰ খুঁটিত

সন্ত্ৰাসবাদক সমৰ্থন কৰা পাকিস্তানক উপযুক্ত শিক্ষা ভাৰতৰ...

বিজেপিৰ সংকল্প পত্ৰৰ পৰা কাশ্মীৰৰ শেহতীয়া পৰিস্থিতিলৈ, দিনটোৰ খবৰ

কলিমা কি? কিয় পহলগামত সন্ত্ৰাসবাদীয়ে কলিমা পাঠ কৰিব দিছিল?
